ASSAM TIMES POST
নগাঁও: সমবায় ভিত্তিত দুগ্ধ পাম স্থাপনেৰে ৰাজ্যৰ ডায়েৰী আন্দোলনক এক বিশেষ গতি প্ৰদান কৰিবলৈ সক্ষম হোৱা জাগীৰোডৰ সমীপৰ আমলিঘাট স্হিত সীতা জখলা ডায়েৰীৰ দুগ্ধজাত সামগ্ৰী বৰ্তমান নগাঁও চহৰতো উপলব্ধ হব ।
আজি নগাঁও চহৰৰ পানীগাঁও চাৰিআলি আৰু খুটিকটীয়া অঞ্চলত সীতা জখলা ডায়েৰীৰ দুগ্ধজাত সামগ্ৰীৰ বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয় । কেন্দ্ৰ দুটা মুকলি কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।
এই কেন্দ্ৰ মুকলি কৰি বিধায়ক শৰ্মাই নগাঁও চহৰৰ বাসিন্দাসকলে সীতাজখলা ডায়েৰীৰ বিশুদ্ধ গাখীৰ দৈ,ক্ৰীম, ঘি আদিকে ধৰি বিভিন্ন দুগ্ধজাত সুস্বাদু সামগ্ৰী ক্ৰয় কৰিব পাৰিব বুলি মন্তব্য কৰি সীতাজখলা ডায়েৰীৰ এনে পদক্ষেপক আদৰণি জনায় ।













