ASSAM TIMES POST
নগাঁও: নগাঁও জিলাৰ কচুৱাৰ ৰমনিপথাৰত বিদ্যুৎস্পৃষ্ট হৈ আজি এটি কিশোৰৰ মৃত্যু হয় ৷ পথাৰৰ পৰা নাঁৱৰে বৰো ধান আনি থকা অৱস্থাতে বিদ্যুতৰ তাঁৰত লাগি কৰুণ মৃত্যুক সাৱতি লয় কিশোৰজনে ৷ মৃত কিশোৰজনৰ নাম জাকাৰীয়া আহমেদ ৷ এজন স্থানীয় লোকে বিদ্যুতৰ খুটাৰ পৰা নিয়া বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় কিশোৰ জনৰ ৷
পানীৰ পৰা কিছু ওপৰতে ওলমি আছিল ২২০ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰডাল ৷ স্থানীয় লোকে বিদ্যুৎ বিভাগ আৰু স্থানীয় লোকজনক বাৰম্বাৰ কোৱাৰ পাছতো কোনো গুৰুত্ব প্ৰদান কৰা নাছিল তেওঁলোকে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনা তদন্ত আৰম্ভ কৰিছে ৷













