ASSAM TIMES POST
ডিজিটেল ডেস্ক : ৰাণু মণ্ডলক মনত আছেনে? মাত্র ছমাহ আগৰ কথা। ৰাণাঘাটৰ ৰাণু মণ্ডল ছ’চিয়েলল মিডিয়াৰ ছেনচেচন আছিলে। হিমেশ ৰেশমিয়া তেওঁৰ কণ্ঠত মুগ্ধ হৈ তেওঁৰ দ্বাৰা এখন ছবিত গান গোৱাইছিল। সেই ৰাণু মণ্ডল পুনৰ ঘূৰি গৈছে তেওঁৰ পুৰণি জীবনলৈ। সময়ে তেওঁক পুনৰ ঘূৰাই লৈ গৈছে অতীতলৈ। গ্লেমাৰ জগতৰ জাকজমকতা বৰ্তমান তেওঁৰ বাবে স্বপ্নৰ দৰে। পূৰ্বে যেনেদৰে এবেলা খায়ে দিন কটাইছিল, এতিয়াও সেয়ে। সলনি হৈ গ’ল সকলো।
ৰানাঘাট ষ্টেচনৰ পৰা ৰাণু মণ্ডলৰ উত্থান। ঠিক যেন এক ৰূপকথাৰ কাহিনীৰ দৰেই তেওঁৰ জীবনৰ কথা। ষ্টেচনত এদিন নিজৰ মাজতেই গাইছিল, ‘এক প্যাৰ কা নাগমা হ্যায়।’ ৰে’লযাত্রী অতীন্দ্র চক্রৱর্তীয়ে মোবাইলত ৰেকর্ড কৰে সেই গান। পোষ্ট কৰে ফেচবুকত। সেয়াই আৰম্ভণি। নেটিজেনসকলে ৰাণুৰ কণ্ঠ শুনি আপ্লুত হৈ যায়। ক’ৰবাত যেন লতা মঙ্গেশকাৰৰ সৈতে তেওঁৰ কণ্ঠৰ হুবহু মিল। তাৰ পিছৰ পৰাই নেটিজেনসকলৰ কৃপাতেই ‘লতাকণ্ঠী’ উপাধি লাগি যায় ৰাণুৰ। তাৰ পিছৰ কাহিনী সকলোৰে অৱগত।
ৰাণাঘাটৰ এসময়ৰ অঘৰী ৰাণুই কণ্ঠ মিলায় হিমেশ ৰেশমিয়া, উদিত নাৰায়ণৰ দৰে শিল্পীৰ সৈতে। হিমেশৰ সৈতে বাণীবদ্ধ কৰে ‘তেৰি মেৰি কাহানি’। আৰু সেই ৰাণু মণ্ডল এতিয়া পুনৰ পূৰ্বৰ সেই অনাহাৰ-অৰ্দ্ধাহাৰ জীৱনৰ মাজত।