ASSAM TIMES POST
স্টাফ ৰিপৰ্টাৰ:
মৰিগাঁও চহৰত আজি যোৱানিশা সংঘটিত হয় এক লোমহৰ্ষক ডকাইতি কাণ্ড।এক চিকিৎসক দম্পতীৰ ঘৰত সংঘটিত হয় ডকাইতি।ডকাইৰ প্ৰহাৰত মৰিগাঁও চহৰৰ নিৱাসী চিকিৎসক ডাঃ ইন্দ্ৰমোহন শৰ্মা গুৰুতৰ ভাবে আহত হোৱাৰ লগতে তেওঁৰ পত্নী ডাঃ কুইন বৰকটকী আহত হয়।
প্ৰাপ্ত তথ্য অনুসৰি নগাঁও জিলাৰ কঠিয়াতলীৰ মহকুমা চিকিৎসা বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰা জেষ্ঠ চিকিৎসক ডাঃ ইন্দ্ৰমোহন শৰ্মা আৰু কামৰূপ জিলাৰ অৱসৰপ্ৰাপ্ত যুতীয়া সঞ্চালক ডাঃ কুইন বৰকটকীয়ে আজি সন্ধিয়া সমীপৰ ভাতৃৰ ঘৰত যোৱা অৱস্থাত দুজনীয়া ডকাইতৰ দলে চিকিৎসক দম্পতীৰ ঘৰত দুৱাৰ ভাঙি প্ৰবেশ কৰে।
কিছু সময়ৰ পিছতেই চিকিৎসক দম্পতী ঘৰৰ ভিতৰলৈ সোমাব বিচাৰোতেই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।উক্ত আক্ৰমণত চিকিৎসক ডাঃ শৰ্মা, গুৰুতৰ ভাবে আহত হোৱাৰ উপৰিও পত্নীৰ ওপৰতো আক্ৰমণ কৰে।ডকাইতৰ আক্ৰমনত বিতত হৈ চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া ওলাই অহাত ডকাইত দূটা এখন বুলেট মটৰচাইকেলত উঠি পলায়ন কৰে।ডকাইতৰ দলে চিকিৎসক পত্নীৰ ম’বাইলটোৰ লগতে কিছু আচবাব লৈ যায় বুলি জানিব পৰা গৈছে।
সম্প্ৰতি গুৰুতৰ ভাবে আহত ডাঃ ইন্দ্ৰমোহন শৰ্মা চিকিৎসাধীন হৈ আছে ।আনহাতে ডকাইটি ঘটনাৰ খবৰ পোৱাৰ পিছতে মৰিগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা সহ উচ্চপদস্থ বিষয়া সকল উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ উপৰিও ডকাইতক কৰায়ত্ব কৰাৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিছে বুলি জানিব পৰা গৈছে।













