ASSAM TIMES POST
নগাঁও : নগাঁও চহৰৰ আমোলাপট্টি নিবাসী ব্যৱসায়ী তথা সমাজকৰ্মী পল্লৱ বৰা (৪৭)ৰ আজি পুৱা পৰলোকপ্ৰাপ্তি ঘটে। বিগত কিছুদিন ধৰি যকৃতৰ ৰোগত আক্রান্ত বৰাৰ আজি পুৱা স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ততাতৈয়াকৈ নগাঁও চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত পল্লৱ বৰাৰ মৃত্যুত নগাঁও চহৰত শোকৰ ছাঁ পৰে। নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ ল’ৰালিৰ সতীৰ্থ পল্লৱ বৰাৰ অকাল বিয়োগত বিধায়ক শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে।
আজি পুৱা বৰাৰ বাসগৃহত উপস্থিত হৈ বিধায়ক শৰ্মাই প্ৰিয় সতীৰ্থগৰাকীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জনোৱাৰ লগতে তেওঁৰ শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত পল্লৱ বৰাই মাতৃ, পত্নী আৰু দুটি পুত্ৰ সন্তানসহ ভালেসংখ্যক আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায় । বৰাৰ মৃত্যুত নগাঁও নাট্য মন্দিৰ সমিতি, নতুন বজাৰ ব্যবসায়ী সন্থা, নগাঁও প্ৰেছ ক্লাবৰ লগতে ভালেসংখ্যক ব্যক্তি আৰু অনুষ্ঠানে শোক প্ৰকাশ কৰে। আজি দুপৰীয়াৰ স্হানীয় আমোলাপট্টি শ্মশানত সামাজিক দূৰত্ব বৰ্তাই বিধায়ক ৰূপক শৰ্মাৰ লগতে কিছু লোকৰ উপস্থিতিত পল্লৱ বৰাৰ নশ্বৰ দেহৰ শেষকৃত্য সম্পন্ন কৰা হয়।













