ASSAM TIMES POST
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাত মহকুমা প্ৰশাসনে লকডাউনৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক আৰু মানসিক বিকাশৰ বাবে নিজা প্ৰচেষ্টাৰে শিক্ষা-দিপ্তী নামেৰে এক বিশেষ কাৰ্য্যসূচী হাতত লৈছে। এই শিক্ষা-দিপ্তী কাৰ্য্যসূচীৰে আজি বোকাখাত টাউন হাইস্কুলত শুভাৰম্ভ কৰে বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে। মহকুমাধিপতিগৰাকীয়ে প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীকে আন্তৰিকতাৰে এই কাৰ্য্যসূচী সফল কৰি তুলিবলৈ আহ্বান জনাই।

ছাত্ৰ-ছাত্ৰীসকলক দেশৰ ভৱিষ্যত বুলি উল্লেখ কৰি মহকুমাধিপতি বিবেক শ্যামে বৰ্তমানৰ সময়ছোৱাত সু-পৰিকল্পিত তথা সৃজনশীল পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক তথা মানসিক বিকাশ সাধন কৰিব লাগিব বুলিও উল্লেখ কৰে। নভেল কৰ’ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতে চলি থকা লকডাউনৰ বাবে সকলো ধৰণৰ শিক্ষা প্ৰতিষ্ঠান বিগত কেইবা মাহ ধৰি বন্ধ হৈ আছে।
যাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ- ছাত্ৰীসকলৰ নিয়মীয়া পাঠদানত ব্যাঘাত জন্মিছে। এনে ক্ষেত্রত বোকাখাত মহকুমা প্ৰশাসনে হাতত লোৱা “শিক্ষা-দিপ্তী” কাৰ্য্যসূচী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিশ্চিতভাবে সহায়ক হ’ব বুলি আশা কৰা হৈছে। আজিৰ অনুষ্ঠানত পশ্চিম গোলাঘাট শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বৰ্মন টেৰণ, বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভবানন্দ কলিতা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে। অনুষ্ঠানটোৰ আঁত ধৰে খণ্ড সমল ব্যক্তি প্ৰদীপ শৰ্মাই।













