ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত ‘অভিলাষ প্ৰকাশন’ৰ উদ্যোগত ব্যতিক্ৰমী গ্ৰন্থ উন্মোচনী অনুষ্ঠান

News Desk by News Desk
June 15, 2020
Reading Time: 1 min read
A A
0
বোকাখাতত ‘অভিলাষ প্ৰকাশন’ৰ উদ্যোগত ব্যতিক্ৰমী গ্ৰন্থ উন্মোচনী অনুষ্ঠান

0 1 e1574345654996 6 1 2 2 4 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

তৃপ্তি সোণোৱালৰ ‘চোনোৱাল কছাৰী ট্ৰাইব’ৰ শুভ-উন্মোচন

অজন্তা তালুকদাৰ

বোকাখাত : বোকাখাতত অভিলাষ প্ৰকাশনৰ উদ্যোগত আজি এক ব্যতিক্ৰমী গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। বোকাখাত জেডিএচজি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপিকা ড° ৰুবী বৰাৰ একমাত্ৰ সন্তান অভিলাষ বৰাৰ সোঁৱৰণত প্ৰতিটো জন্মদিনত ‘অভিলাষ প্ৰকাশন’ৰ উদ্যোগত বোকাখাতত ১৫ জুনত বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আহিছে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। সম্প্ৰতি দেশত চলি থকা কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই বৰ্ষ মুষ্টিমেয় আমন্ত্ৰিত বিশিষ্ট ব্যক্তিৰ উপস্থিতিতহে অনুষ্ঠিত হোৱা দেখা গ’ল এই গ্ৰন্থ উন্মোচনী অনুষ্ঠান। আজিও অভিলাষৰ ২৬ সংখ্যক জন্মদিন উপলক্ষ্যে ‘অভিলাষ প্ৰকাশন’ৰ স্বত্বাধিকাৰ তথা অসমৰ আগশাৰীৰ প্ৰৱন্ধকাৰ, গল্পকাৰ ড° ৰুবী বৰাৰ বোকাখাতৰ ম’হমাইকী গাঁৱৰ নিজা বাসগৃহত অনুষ্ঠিত হয় অনুষ্ঠানটি। অনুষ্ঠানৰ আৰম্ভণিতে বোকাখাত জেডিএচজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা জ্যেষ্ঠ সাংবাদিক ড° বাবুলাল ম’ৰে বন্তি প্ৰজ্বলন কৰে।

book3 | ASSAM TIMES POST

ইয়াৰ পাছতেই বিশিষ্ট কবি অজিত গগৈয়ে উদীয়মান যুৱ লেখিকা তৃপ্তি সোণোৱালৰ ‘চোনোৱাল কছাৰী ট্ৰাইব, এন এথনিক পাৰ্ট অৱ নৰ্থ ইষ্ট’ নামৰ ইংৰাজী ভাষাত লিখা গ্ৰন্থখনিৰ শুভ উন্মোচন কৰে। সাংস্কৃতিক কৰ্মী ৰূপজ্যোতি ভড়ালীয়ে আঁট ধৰা অনুষ্ঠানত গ্ৰন্থ উন্মোচন কৰি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে উন্মোচক অজিত গগৈয়ে। অনুষ্ঠানত আৰু বক্তব্য প্ৰদান কৰে ক্ৰমে ড° বাবুলাল ম’ৰ, উন্মোচিত গ্ৰন্থৰ লেখিকা তৃপ্তি সোনোৱাল, গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰিচালন কাৰ্যবাহী বিষয়া তথা বিশিষ্ট নাট্যকাৰ ঋতুপৰ্ণ দাস, বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° অৰুণ বৰা, বিশিষ্ট অতিথি তথা উন্মোচিত গ্ৰন্থৰ লেখিকাৰ পিতৃ ক্ৰমে নিন সোণোৱাল আৰু ড° বৰাৰ আত্মীয় তথা অতিথি ক্ৰমে জীৱেশ্বৰ বৰা, শিক্ষয়িত্ৰী ৰুমী বৰা আৰু বিশিষ্ট ক্ৰীড়া সংগঠক মনোজ বৰা, কবি-সাংবাদিক অজন্তা তালুকদাৰ, বিশিষ্ট ভাস্কৰ্য শিল্পী পাপু ঘোষ, শিক্ষয়িত্ৰী তথা কবি-লেখিকাদ্বয় ক্ৰমে গীতিৰেখা দত্ত আৰু বন্দিতা পাথৰি আদিয়ে। অনুষ্ঠানত ড° ৰুবী বৰাৰ মাতৃ মাকন বৰা, অসম ফাইন আৰ্টচ্ একাডেমীৰ হৈ দিবাকৰ শৰ্মা, আত্মীয় ৰীতা কলিতা বৰা, অভিনেতা-পৰিচালক তৰুণ তীৰ্থ শইকীয়া, স্থানীয় অতিথি জয়ন্ত বড়িৰ লগতে ড° বৰাৰ কিছুসংখ্যক আত্মীয় স্বজন আৰু স্থানীয় গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

book2 | ASSAM TIMES POST

উল্লেখ্য যে বিগত ২০১১ বৰ্ষত ড° বৰাৰ একমাত্ৰ সন্তান তথা উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ অভিলাষ বৰাৰ আকস্মিক অসুস্থতাত মৃত্যু হয় আৰু অভিলাষৰ স্মৃতি ধৰি ৰখাৰ অৰ্থে আৰু সমাজৰ উত্তৰ পুৰুষক উত্তৰণৰ এখন মঞ্চ প্ৰদান কৰাৰ অৰ্থে লেখিকা গৰাকীয়ে সমূহ শুভাকাংক্ষীৰ সহযোগত ২০১৩ বৰ্ষত জন্ম দিয়ে “অভিলাষ প্ৰকাশন”ৰ।

book5 | ASSAM TIMES POST

বিগত বৰ্ষসমূহত অভিলাষ প্ৰকাশনে অসমৰ শংকৰী সংস্কৃতিৰ একনিষ্ঠ গৱেষক, শংকৰদেৱ বঁটা প্ৰাপক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক প্ৰয়াত ড° কেশৱানন্দ দেৱগোস্বামী সংকলিত চৈধ্যখন চৰিত বংশাৱলীৰ একত্ৰ সংকলন ‘ভকতমালা আৰু চৰিত বংশাৱলী’ আৰু শিশু সাহিত্য ‘ৰমাহঁতৰ গাঁৱৰ কথা’, প্ৰয়াত কবি মৃদুল বৰুৱাৰ কাব্য সংকলন ‘জুই ফুলৰ আউল’, কবি-ঔপন্যাসিক অজিত গগৈৰ তিনিখন উপন্যাসৰ একত্ৰ সংকলন ‘মায়া শয্যা’, ড° অৰুণ বৰাৰ ‘সাহিত্য-শিল্পৰ লেছেৰি’, ড° ৰুবী বৰাৰ শিশু সাহিত্য ক্ৰমে ‘জয়মতী’ আৰু ‘বকুলপুৰৰ বকুল কথা’, যুৱ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাৰ ‘কাজিৰঙাৰ গাইড’, কবি ড° দিপালী বৰাৰ অনুবাদ কবিতাৰ সংকলন ‘ভিনৰঙী জীৱনৰ সুৰ’, বোকাখাতৰ ভালেকেইজন কবিৰ কবিতাৰ পটভূমিত ৰচিত গল্প সংকলন ঋতুপৰ্ণ দাসৰ সম্পাদনাৰে ‘কাব্যগল্প’, অধ্যাপক তথা ক্ৰীড়াবীদ সুবোধ বৰাৰ খেল বিষয়ক গ্ৰন্থ ‘বিষয়ঃ খেল, খেলুৱৈ, ক্ৰীড়া পৰিৱেশ ইত্যাদি’ৰ লগতে শেহতীয়াকৈ তৃপ্তী সোণোৱালৰ ইংৰাজী ভাষাত লিখা আজি উন্মোচিত গ্ৰন্থখনিকে ধৰি এই পৰ্যন্ত ১৫ খনকৈ মূল্যবান গ্ৰন্থ প্ৰকাশ কৰিছে।

book4 | ASSAM TIMES POST

তদুপৰি ২০১৭ বৰ্ষৰ পৰা বোকাখাতত এই বিশেষ তাৰিখে প্ৰায় দুই সহস্ৰাধিক শিশুৰ মাজত অনুষ্ঠিত হৈ আহিছে ‘অভিলাষ প্ৰকাশন’ৰ উদ্যোগত আৰু ‘আচাম ফাইন আৰ্টচ একাডেমী’ৰ সহযোগত গোলাঘাট জিলা ভিত্তিত বিশেষভাৱে প্ৰচাৰ লাভ কৰা চিত্ৰাংকন প্ৰতিযোগিতা ‘ৰঙৰ পৃথিৱী’। ড° বৰাৰ এই প্ৰচেষ্টা সম্প্ৰতি ব্যক্তি জীৱনৰ পৰা সমাজ জীৱনলৈ পৰ্যবসিত হোৱা বুলি আৰু বিগত বৰ্ষ সমূহত ‘অভিলাষ প্ৰকাশন’ৰ উদ্যোগত সম্পন্ন হোৱা বিবিধ সৃষ্টিশীল আৰু কল্যাণমূলক কাৰ্যসূচীয়ে উত্তৰ পুৰুষলৈ সমাজ উত্তৰণৰ এক উজ্জ্বল বাট কাটি দিছে বুলি আজিৰ অনুষ্ঠানত উপস্থিত ব্যক্তি সকলে মত পোষণ কৰে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
ADVERTISEMENT
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026
50
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
National-International

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

July 6, 2026
50
Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

July 6, 2026
50
Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল
National-International

Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

July 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

July 6, 2026
Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

July 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx