ASSAM TIMES POST
নগাওঁ : নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত আজি এজন অচিনাক্ত লোকৰ মৃত্যু হয়। প্ৰায় ৬০ বছৰীয়া এই লোকজনক চাপৰমুখ আৰক্ষীয়ে ১২ জুনত চাপৰমুখত অচেতন অৱস্থাত উদ্ধাৰ কৰি ১০৮ এম্বুলেন্স সেৱাৰ সহযোগত চিকিৎসালয়খনত ভৰ্তি কৰায়।
আজি দুপৰীয়া চিকিৎসাধীন অৱস্থাতে লোকজনৰ মৃত্যু হয়। সম্প্ৰতি লোকজনৰ মৃতদেহটো চিকিৎসালয়খনৰ মর্গত ৰখা হয়। বাতৰি লিখা পৰলৈকে লোকজনক চিনাক্ত কৰিব পৰা হোৱা নাই।













