ASSAM TIMES POST
নতুন দিল্লীঃ সদ্যপ্ৰয়াত প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে তেওঁৰ চাৰি দশকজোৰা ৰাজনৈতিক জীৱনত কেইবাটাও অভিলেখৰ গৰাকী হৈছিল। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ অগ্ৰগামী নেত্ৰী আৰু দেশৰ ৰাজনৈতিক মহলত এখন বিশিষ্ট আসন লাভ কৰিছিল।
কেৱল মহিলা ৰাজনীতিক হিচাপেই নহয়, বহুক্ষেত্ৰত তেওঁ আছিল সকলোতকৈ আগত। এটা-দুটা নহয়, ৮ টা অভিলেখৰ গৰাকী আছিল তেওঁ। তলত সেইকেইটা অভিলেখ চমুকৈ উল্লেখ কৰা হ’লঃ
১) কনিষ্ঠ কেবিনেট মন্ত্ৰী (১৭৭৭ চনত মাথো ২৫ বছৰ বয়সত হাৰিয়ানা চৰকাৰৰ শিক্ষা মন্ত্ৰী)
২) দিল্লীৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী (১৯৯৮ চনৰ ১৩ অক্টোবৰৰপৰা একেবৰ্ষৰে ৩ ডিচেম্বৰলৈ)
৩) সংসদত প্ৰথমগৰাকী মহিলা বিৰোধী দলপতি (২০১৯)
৪) ৰাজনৈতিক দলৰ প্ৰথমগৰাকী মহিলা মুখপাত্ৰ (ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় প্ৰৱক্তা)
৫) বিশিষ্ট সংসদীয় বঁটা (Outstanding Parliamentarian Award)প্ৰাপ্ত প্ৰথমগৰাকী মহিলা ৰাজনীতিক (২০০৪)
৬) প্ৰথমগৰাকী পূৰ্ণকালীন মহিলা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী (২০১৪ চনৰ মে’ৰপৰা ২০১৯ চনৰ মে’লৈকে)
৭) টুইটাৰত সৰ্বাধিক অনুসৃত (followed) মহিলা ৰাজনীতিক (মঙলবাৰে সন্ধিয়া পৰ্যন্ত ১২ মিলিয়নৰো অধিক অনুসৰণকাৰী)
৮) অৰ্গেনাইজেশ্যন অৱ ইছলামিক ক’অপাৰেশ্যন (অ’আইচি)ৰ অধিৱেশনত ভাষণ দিয়া প্ৰথম গৰাকী ভাৰতীয় (২০১৯ৰ মাৰ্চত)













