ASSAM TIMES POST
নতুন দিল্লীঃ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজৰ মঙলবাৰে দেহাৱসানৰ লগে সকলোৰে মনত এটা কথাই আমনি কৰিছে। সেয়া হৈছে এবছৰতকৈ কম সময়ৰ ভিতৰতে দিল্লীৰ তিনিজনকৈ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মৃত্যু ঘটিছে। তেওঁলোক হ’লঃ
মদন লাল খুৰাণা (মৃত্যুঃ ২৭ অক্টোবৰ, ২০১৮)
শীলা দীক্ষিত (মৃত্যুঃ ২০ জুলাই, ২০১৯)
সুষমা স্বৰাজ (মৃত্যুঃ ৬ আগষ্ট, ২০১৯)
ভাৰতীয় জনতা পাৰ্টিৰ নেতা প্ৰয়াত মদন লাল খুৰাণাই ১৯৯৩ চনৰপৰা ১৯৯৬ চনলৈ দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইফালে কংগ্ৰেছৰ প্ৰবীণ নেত্ৰী শীলা দীক্ষিত দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে ৩ বাৰ অধিষ্ঠিত হৈছিল।
দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে তেৱেঁই সৰ্বাধিক সময় দায়িত্বত আছিল। সদ্যপ্ৰয়াত সুষমা স্বৰাজে দিল্লীৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰিছিল ১৯৯৮ চনৰ ১৩ অক্টোবৰৰপৰা একেবৰ্ষৰে ৩ ডিচেম্বৰলৈকে।













