ভাৰতবৰ্ষত বছৰি ৮ নিযুত ছাত্ৰ ছাত্ৰীয়ে স্নাতক ডিগ্ৰী লাভ কৰাৰ বিপৰীতে মাত্ৰ ২ নিযুত ছাত্ৰ ছাত্ৰীহে কৰ্ম সংস্থাপনৰ বাবে উপযোগী হয়
ASSAM TIMES POST
নগাঁওঃ ”ভাৰতবৰ্ষত বছৰি ৮ নিযুত ছাত্ৰ-ছাত্ৰীয়ে স্নাতক ডিগ্ৰী লাভ কৰে যদিও ইয়াৰে মাত্ৰ ২ নিযুত ছাত্ৰ- ছাত্ৰীয়েহে কৰ্ম সংস্থাপনৰ উপযোগী হয়। আনহাতে আমাৰ দেশৰ ২৮ শতাংশ কাৰিকৰী স্নাতকহে কৰ্ম সংস্থাপনৰ উপযোগী।” এই মন্তব্য অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক মিহিৰ কান্তি চৌধুৰীৰ ।
নগাঁও কলেজৰ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি আজি ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি শিক্ষা বিভাগৰ উপদেষ্টা চৌধুৰীয়ে নতুন শিক্ষা নীতিত সন্নিৱিষ্ট আমূল পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰি কয় যে, নতুন শিক্ষা নীতি শিক্ষক, ছাত্ৰ – ছাত্ৰী তথা শিক্ষাৰ লগত জড়িত সকলো অংশীদাৰৰ বাবে এক প্ৰত্যাহবান।
এই শিক্ষা নীতিৰ অধীনৰ ছাত্ৰ – ছাত্ৰী সকলে বিশ্ব দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰাৰ সুযোগ পাব । ভাষণ প্ৰসংগত প্ৰাক্তন উপাচাৰ্য চৌধুৰীয়ে আৰু কয় যে ভাৰতবৰ্ষত প্ৰস্তাৱিত নতুন শিক্ষা নীতিয়ে ছাত্ৰ-ছাত্ৰীক কৰ্ম সংস্থাপনৰ উপযোগী কৰি গঢ় দিয়াত যথেষ্ট গুৰুত্ব দিছে। গুণগত শিক্ষা আহৰণ কৰিবলৈ হ’লে প্ৰচলিত শিক্ষা ব্যৱস্থাৰ বিপৰীতে প্ৰস্তাৱিত নতুন শিক্ষা নীতি মতে শিক্ষা প্ৰদানৰ ব্যৱস্থাক আদৰণি জনোৱাতো বৰ্তমান সময়ৰ এক এৰাব নোৱাৰা আহ্বান।

কিন্তু ইয়াৰ সফল ৰূপায়ণৰ বাবে ছাত্ৰ- ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ উপৰিও চৰকাৰ আৰু সমাজ ধনাত্মক দৃষ্টি ভংগীৰে আগুৱাই আহিব লাগিব। নগাঁও কলেজ পৰিচালনা সমিতিৰ সভাপতি আলিমুজ জামানৰ সভাপতিত্বত অনুষ্ঠিত কলেজৰ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাখনৰ আঁত ধৰে অধ্যাপিকা বন্তি নেওগে। অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে আদৰণি ভাষণত নগাঁও কলেজৰ পৰা স্নাতক পৰ্যায়ত ২৯০ গৰাকী ছাত্ৰ – ছাত্ৰীয়ে ৬০ শতাংশৰ ওপৰৰ নম্বৰ লাভ কৰাৰ কথা সদৰি কৰে।
আনহাতে বুৰঞ্জী, ফাইনেন্স, পৰিসংখ্যা বিজ্ঞান, পদাৰ্থ বিজ্ঞান বিষয়ত বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান আৰু ভূগোল বিজ্ঞান বিভাগৰ পৰা দ্বিতীয় স্থান আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ পৰা তৃতীয় স্থান দখল কৰা ছাত্ৰ-ছাত্ৰীৰ বিষয়ে উল্লেখ কৰি অধ্যক্ষ গৰাকীয়ে নগাঁও কলেজৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱা বহুতো ছাত্ৰ-ছাত্ৰীয়ে দেশ আৰু বিদেশৰ বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰিছে বুলি জানিবলৈ দিয়ে।
এই অনুষ্ঠানতে বিশ্ব বিদ্যালয়ৰ পৰা ৬০ শতাংশৰ ওপৰৰ নম্বৰ পোৱা ছাত্ৰ- ছাত্ৰীক প্ৰশংসা পত্ৰ প্ৰদান কৰা হয় । কলেজৰ ষষ্ঠ ষান্মাষিকত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীৰ লগতে সভাত গুৱাহাটী মেডিকেল কলেজৰ অধ্যাপক ডা০ দীপক শৰ্মা, অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি বিশ্বজিৎ ভূঞা, আভ্যন্তৰীণ মানদণ্ড কোষৰ সমন্বয়ক ড০ চিন্তামনি শৰ্মা আৰু নগাঁও ছোৱালী কলেজৰ অধ্যক্ষ ড০ বলীন কুমাৰ ভূঞা উপস্থিত থাকে।
ইপিনে আজি পুৱা নগাঁও কলেজৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী পতাকা উত্তোলনেৰে আৰম্ভ হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি নগাঁও কলেজৰ এন এছ এছ গোটৰ দ্বাৰা বৃক্ষৰোপণ কাৰ্য্যসূচী ৰূপায়ন কৰা হয় । কলেজ পৰিচালনা সমিতিৰ সভাপতি শিক্ষাবিদ আলিমুজ জামানে কলেজৰ পতাকা আৰু মহাৰজত জয়ন্তীৰ পতাকা স্থানীয় বিধায়ক তথা নগাঁও কলেজৰ মহাৰজত জয়ন্তী পৰিচালনা সমিতিৰ সভাপতি ৰূপক শৰ্মাই উত্তোলন কৰে।

নগাঁও কলেজৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱসত কলেজখনৰ গৰিমা বৃদ্ধিত যিসকলে সহযোগিতা আগবঢ়ালে তেওঁলোকক স্মৰণ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে শিক্ষাবিদ জামান আৰু বিধায়ক শৰ্মাই । নগাঁও কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ যজ্ঞেশ্বৰ শৰ্মাৰ প্ৰতিমূৰ্ত্তিত মাল্য প্ৰদান কৰে অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে আৰু সাহিত্যাচাৰ্য মহিম বৰাৰ প্ৰতিমূৰ্ত্তিত মাল্য প্ৰদান কৰে অধিবক্তা আলোক গোস্বামীয়ে।
শ্বহীদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে উপাধ্যক্ষ ড০ ৰঞ্জন ভৰালীয়ে আৰু মতিৰাম বৰাৰ প্ৰতিমূৰ্ত্তিত মাল্য প্ৰদান কৰে শৈক্ষিক উপাধ্যক্ষ ড০ দিলীপ কুমাৰ শৰ্মাই । শ্বহীদ অনিল বৰাৰ প্ৰতিমূৰ্ত্তিত মাল্য প্ৰদান কৰে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৰত্নেশ্বৰ শইকীয়াই । সন্ধিয়া কলেজৰ শিক্ষক পৰিষদৰ সম্পাদক শৈলেন শৰ্মাই শুভাৰম্ভ কৰা বন্তি প্ৰজ্বলনৰে নগাঁও কলেজৰ প্ৰতিষ্ঠা দিৱসৰ দিনযোৰা কাৰ্য্যসূচীৰ সামৰণি পৰে।













