ASSAM TIMES POST
নিউজ ডেস্ক :
এসপ্তাহ পূৰ্বেই নিজৰ ঘৰৰ পৰা ফাঁচি লগাই ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ। শনিবাৰে সেই ঘটনাৰ বাবে এইবাৰ গোচৰ ৰুজু হ’ল সুশান্তৰ বান্ধৱী ৰিয়া চক্রৱর্তীৰ বিৰুদ্ধে। তেওঁৰ বিৰুদ্ধে আত্মহত্যাত প্রৰোচনাৰ গোচৰ ৰুজু হৈছে।
প্রকাশ্যে সুশান্ত বা ৰিয়াই কোনোৱে কোনোদিন সম্পর্কৰ কথা কোৱা নাই। কিন্তু জনা গৈছে লকডাউনত ৰিয়া আছিল সুশান্তৰ ঘৰতেই। এক সর্বভাৰতীয় সংবাদ মাধ্যমৰ প্রতিবেদন অনুযায়ী, বিহাৰত ৰিয়াৰ বিৰুদ্ধে আত্মহত্যাৰ প্রৰোচনা কৰাৰ গোচৰ ৰুজু হৈছে।
মোজাফফৰপুৰৰ পাতাহি এলেকাৰ বাসিন্দা কুন্দন কুমাৰে মুখ্য ন্যায়িক দণ্ডাধীশ মুকেশ কুমাৰৰ ওচৰত এইমর্মে গোচৰ ৰুজু কৰিছে। অহা ২৪ জুনত ইয়াৰ শুনানি বুলিও জানিব পৰা গৈছে।
কুন্দন কুমাৰে দাবী কৰিছে, ৰিয়াই সুশান্তক মানসিক আৰু আর্থিক দিশৰ পৰা ব্যৱহাৰ কৰিছিল। কুন্দন কুমাৰৰ অধিবক্তা কমলেশে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, ‘মোৰ ক্লয়েন্ট সুশান্ত সিং ৰাজপুতৰ বিৰাট ডাঙৰ অনুৰাগী। তেওঁৰ আত্মহত্যাৰ খবৰ পোৱাৰ পৰা প্ৰচণ্ড আঘাত পাইছে তেওঁ। আইপিচি ৩০৬ (আত্মহত্যাৰ প্রৰোচনা) আৰু আইপিচি ৪২০ (প্রতাৰণা) ধাৰাত গোচৰ তৰিছে তেওঁ।’
সম্প্রতি অভিনেত্রী ৰিয়া চক্রবর্তীৰ ভাষ্য ৰেকর্ড কৰিছে মুম্বাই আৰক্ষীয়ে। মুঠ ১৫জনৰ ভাষ্য ৰেকর্ড কৰা হৈছে। জেৰাৰ সময়ত তেওঁ জনায়, কাজিয়া হৈছিল তেওঁলোকৰ মাজত। ইয়াৰ পিছতেই সুশান্তৰ ঘৰ এৰে তেওঁ।
উল্লেখ্য, আত্মহত্যাৰ দিনা নিশা শেষ ফোনটা ৰিয়াকেই কৰিছিল অভিনেতা সুশান্ত সিং ৰাজপুতে। অৱশ্যে ফোন ধৰা নাছিল ৰিয়াই। জেৰাত ৰিয়াই জনাইছে, নৱেম্বৰত বিয়াৰ কথা আছিল তেওঁলোকৰ। তেওঁলোকে একেলগে এটা সম্পত্তি বিচৰা কামো আৰম্ভ কৰিছিল।