ASSAM TIMES POST
নিউজ ডেস্ক:
প্রকৃত নিয়ন্ত্রণ ৰেখাৰ পৰিস্থিতি পৰ্যৱেক্ষণ কৰাৰ বাবে বুধবাৰে পূৱ লাডাখলৈ গ’ল সেনা প্রধান জেনেৰেল এম এম নাৰাভানে। তাত তেওঁ ভাৰতীয় জোৱানসকলৰ যুদ্ধৰ মনোবল উজ্জিৱীত কৰাৰ লগতে চীনৰ বিৰুদ্ধে সেনাৰ সাহসী মনোভাৱক প্ৰশংসা কৰে৷

আনহাতে যোৱা মঙলবাৰে লাডাখৰ লেহত আহত সেনা জোৱানক সাক্ষাৎ কৰে সেনাপ্রধানে৷ তাৰ পাছত বুধবাৰে দুপৰীয়া পূৱ লাডাখৰ সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰে৷ তদুপৰি সাহসী জোৱানক সন্মান জনাই তেওঁ নিজ হাতেৰে বেজ লগাই দিয়ে৷
সেনাপ্ৰধানৰ সৈতে সীমান্ত এলেকাৰ পৰিস্থিতি পৰিদৰ্শন কৰে নৰ্দান কমাণ্ডাৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ লেফটেনেণ্ট জেনেৰেল ৱাই কে যোশী আৰু ফায়াৰ এণ্ড ফিউৰি কৰ্পছৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটেনেণ্ট জেনেৰেল হৰিন্দৰ সিঙে৷










