ASSAM TIMES POST
নিউজ ডেক্স:
১৯৭৫ চনৰ ২৫ জুন৷ গণতন্ত্ৰৰ ইতিহাসত এক ক’লা অধ্যায়৷ ‘ৰাজনৈতিক’ উদ্দেশ্য পূৰণ কৰাৰ লক্ষ্যৰে সেই দিনটোতে জৰুৰী অৱস্থা ঘোষণা কৰিছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে৷ তাৰ পাছত পাৰ হৈ গৈছে কেইবাটাও দশক৷ কিন্তু আজিও দাগ আঁতৰ হ’লেও ঘাঁ শুকুৱা নাই৷
বৃহস্পতিবাৰে জৰুৰী অৱস্থাৰ ৪৫ বর্ষপূর্তি উপলক্ষে সেই কথা স্মৰণ কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে৷ নিজৰ টুইটাৰত প্ৰধানমন্ত্ৰীয়ে লিখে, আজিৰ পৰা ৪৫ বছৰ আগেয়ে দেশত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল৷ সেই সময় ভাৰতত গণতন্ত্ৰ ৰক্ষাত যিসকলে যুঁজ কৰিছিল, কষ্ট ভোগ কৰিছিল, সেইসকলক মই শত শত প্ৰণাম জনাইছো৷
দেশৰ কোনেও তেওঁলোকৰ সেই ত্যাগৰ কথা পাহৰি নাযায়৷’ উল্লেখ্য যে জৰুৰী অৱস্থা ঘোষণাৰ সময়ত বিজেপিৰ পূৰ্বসূৰী অধুনালুপ্ত ‘জন সংঘ’ৰ নেতাসকলৰ এজনৰ পাছত এজনকৈ গ্ৰেপ্তাৰ কৰা হয়৷ সেই সময়ত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক হিচাপে কাম কৰিছিল নৰেন্দ্ৰ মোডীয়ে৷
গ্ৰেপ্তাৰৰ পৰা ৰক্ষা পাবলৈ ‘সর্দাৰ সিং’ ছদ্মনাম লৈ এজন শিখ ব্যক্তিৰ পৰিচয়েৰে আৰক্ষীৰ হাতৰ পৰা তেওঁ ওলাই আহিছিল৷ কেৱল সেয়ে নহয়, জৰ্জ ফাৰ্ণাণ্ডেজৰ দৰে নেতাসকল লুকুৱাই ৰখাত তেওঁৰ ভূমিকা আছিল৷ জৰুৰী অৱস্থাক লৈ কংগ্ৰেছৰ বিৰুদ্ধে মত প্ৰকাশ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে৷ তেওঁ টুইট কৰি লিখে, কংগ্ৰেছে নিজৰ লগত কথা পতা প্ৰয়োজন৷










