ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰোনাৰ কবলত কাম হেৰুৱাই ভাৰতৰ বিপুল সংখ্যক মানুহ পুনৰ দাৰিদ্ৰ্য সীমাৰ তললৈ ঘূৰি যাব পাৰে, সেই সম্ভাৱনাৰ কথা পূৰ্বেই দাঙি ধৰিছে ৰাষ্ট্ৰসংঘই। এইবাৰ ইউনিচেফৰ সমীক্ষাত প্ৰকট হ’ল অতিমাৰিৰ কবলত শৈশৱ চাৰখাৰ হোৱাৰ আশঙ্কা।সমীক্ষা অনুযায়ী, কৰোনাৰ প্ৰকোপত মাহৰ পিছত মাহ স্কুল বন্ধ থকাৰ প্রভাৱ প্ৰত্যক্ষভাৱে পৰিছে দেশৰ প্রাথমিক আৰু মাধ্যমিক স্কুলৰ ২৪.৭ কোটি শিক্ষাৰ্থীৰ ওপৰত।

অঙ্গনৱাড়ি কেন্দ্রত যি ২.৮ কোটি শিশুৱে প্রাক-স্কুলত পঢ়ে, এই ৰোগৰ প্রত্যক্ষ প্রভাৱ পৰিছে তেওঁলোকৰ ওপৰতো। জন হপকিন্স ব্লুমবার্গ স্কুল অব পাবলিক হেল্থৰ সাম্প্রতিক সমীক্ষা অনুযায়ী, কৰোনাৰ কাৰণে নিয়মিত চিকিৎসা পৰীক্ষা আৰু বিভিন্ন ৰোগৰ প্রতিষেধক দিয়াৰ কামত প্ৰতিবন্ধকতাৰ বাবে কেৱল ভাৰততেই ৬ মাহত মৃত্যু হ’ব পাৰে ৩ লাখ শিশু!
ভাৰতত ইউনিচেফৰ প্রতিনিধি ইয়াচমিন আলি হকৰ মতে, কেৱল ভাইৰাছৰ আক্রমণেই নহয়, ক’ৰোনাত দীর্ঘম্যাদী শাৰীৰিক-মানসিক ক্ষতি হৈছে বহু শিশুৰ। তেওঁলোকৰ বৃদ্ধিৰ পৰা শিক্ষা— থমকি গৈছে সকলো। এই ভয়লগা ছবি অৱশ্যে সমগ্ৰ দক্ষিণ এছিয়াতেই। সমীক্ষা অনুযায়ী, দক্ষিণ এছিয়াত ইয়াৰ মূল্য ভৰিবলগা হৈছে ৬০ কোটি শিশুৱে।










