ASSAM TIMES POST
নিউজ ডেস্কঃ
ৰাজ্যত ২৪ ঘন্টাৰ মূৰে মূৰে বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা। ইতিমধ্যে গুৱাহাটী মহানগৰীৰ ১১ টা ৱাৰ্ডত অহা ১৪ টা দিনৰ বাবে দিয়া হৈছে সম্পূৰ্ণ লকডাউন ইয়াৰ মাজতেই আকৌ ৰে’ল মন্ত্ৰণালয়ে ল’লে আন এক সিদ্ধান্ত।
দেশত ১২ আগষ্টলৈ স্তব্ধ থাকিব নিয়মীয়া ৰে’লৰ চলাচল। মেইলকে ধৰি এক্সপ্ৰেছ ও যাত্ৰাবাহী ৰে’লৰ চলাচল বন্ধ থাকিব আৰু ইয়াৰ বিপৰীতে জৰুৰী সেৱাৰ বাবেহে ৰে’ল চলাচল কৰিব। ১জুলাইৰ পৰা ১২ আগষ্টলৈ কৰা সকলো টিকেট বুকিং বাতিল কৰাৰ সিদ্ধান্ত মন্ত্ৰণালয়ৰ। ৰে’লযাত্ৰীক বাতিলৰ ধনৰাশি ঘূৰাই দিয়াৰ আশ্বাস।










