ASSAM TIMES POST
ডিজিটেল ডেস্ক:
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ প্রায় দুসপ্তাহ হ’বৰ হ’ল, কিন্তু বিপ্লবীসকল এতিয়াও অটল। সুশান্তৰ মৃত্যুক মুম্বাই আৰক্ষীয়ে আত্মহত্যা হিচাবে ঘোষণা কৰিলেও, অনুৰাগীসহ অধিকাংশ দেশবাসী তাক মানিবলৈ নাৰাজ।
সুশান্তক মানসিক অবসাদলৈ ঠেলি দিয়াৰ কাৰণ হিচাবে বলিউডৰ মাফিয়া গেঙক দোষী কৰিব বিচাৰে বেছিভাগেই। এই গেঙৰ ভিতৰত শীর্ষতেই নাম আছে কৰণ জোহৰৰ। নিজৰ প্রযোজনা সংস্থাত সুশান্তক বেন কৰা, বিভিন্ন ছবিৰ পৰা তেওঁক আঁতৰাই কোনো তাৰকাৰ পুত্ৰক দিয়াৰ অভিযোগো উঠিছে কৰণৰ বিৰুদ্ধে।


কৰণৰ বিৰুদ্ধে সোচ্চাৰ হওঁতেই আৰম্ভ হৈছে তেওঁক লৈ ট্রোল সৃষ্টি কৰা, অশ্ৰাব্য ভাষাত অপমান কৰা। বাদ পৰা নাই তেওঁক ব্যক্তিগত মেছেজত ভাবুকি দিয়াও। ছচিয়েল মিডিয়াত সাংঘাতিক ৰোষত পৰি অবশেষত ট্যুইটাৰৰ পৰা আনফলো কৰি দিছে একাধিক বলিউড ব্যক্তিত্বকো।
ভয়ত কোনো ট্যুইটো কৰা নাই।ইনস্টাগ্রামত নিজৰ কমেন্ট ছেকচনক বন্ধ কৰি ৰাখিছে। যাতে কোনেও একো কমেন্ট কৰিব নোৱাৰে। ইমানবোৰৰ মাজতো কৰণে ল’বলৈ আগবাঢ়িছে ডাঙৰ পদক্ষেপ। মামি বোর্ডৰ বিষয়বাবৰ পৰা পদত্যাগ কৰিবলৈ আগবাঢ়িছে তেওঁ।
এই খবৰ এতিয়া বিয়পি গৈছে সমগ্ৰ বিনোদন জগত। অৱশ্যে ইয়াৰ সত্যাসত্য এতিয়াও বিচাৰ কৰা হোৱা নাই। কৰণৰ তৰফৰ পৰা কোনো নিশ্চিত খবৰো প্রকাশ কৰা নাই। কিন্তু সূত্রৰ খবৰ, কৰণ জোহৰে মামিৰ পৰা পদত্যাগ কৰিছে। স্মৃতি কিৰণক ইমেইল কৰি নিজৰ পদত্যাগৰ ইচ্ছা প্রকাশ কৰিছে।
অৱশ্যে দীপিকা পাডুকন কৰণৰ ঘনিষ্ঠ বান্ধবী হোৱাৰ বাবে তেওঁক বাৰম্বাৰ বুজোৱাৰ চেষ্টা চলিছে এনে পদক্ষেপ নল’বৰ বাবে। উল্লেখযোগ্য যে দীপিকাৰ এই মামি (মুম্বাই একাডেমি অব মুভিং ইমেজ)ৰ সভাপতিৰ পদতো আছে দীপিকা। পেনেলত কৰণ জোহৰৰ উপৰি আছে বিক্রমাদিত্য মোতৱানে, সিদ্ধার্থ ৰায় কাপুৰ, দোৱা আখতাৰ, কবীৰ খান।










