ASSAM TIMES POST
নিউজ ডেস্ক:
দেশত ক’ৰোনা ভাইৰাছত সংক্রমণ পাঁচ লাখ অতিক্ৰম কৰিলে। একৰ পৰা দুই লাখ ১৫ দিনত। দুইৰ পৰা তিনি ১০ দিনত। তিনিৰ পৰা চাৰি ৮ দিনত। চাৰিৰ পৰা পাঁচ লাখত উপনীত হওঁতে লাগিল মাত্র ৬ দিন। এনেদৰেই দেশত বাঢ়িছে কোভিডত আক্রান্তৰ সংখ্যা।
দ্রুত হাৰত আক্রান্ত বৃদ্ধিৰ এই পৰিসংখ্যাই প্রশাসনৰ পৰা বিশেষজ্ঞ-চিকিৎসকসকলক চিন্তিত কৰি তুলিছে। এতিয়া দেশত লকডাউনৰ কঠোৰতা উঠি গৈছে। লোকেল ট্রেইন, মেট্রো আৰু আন্তর্জাতিক উৰানৰ বাদে অর্থনৈতিক কামকাজ প্রায় সম্পূৰ্ণই চলিছে। সেয়ে ৰাস্তা-ঘাটত ভিৰো বাঢ়িছে।
তাৰ উপৰি এনেদৰে সংক্রমণ বাঢ়ি থাকিলে শেষ পর্যন্ত সেয়া ক’ত গৈ থমকিব, সেয়াও যথেষ্ট চিন্তাৰ কাৰণ হৈছে।কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসাৰি, বিগত ২৪ ঘণ্টাত দেশত ১৮ হাজাৰ ৫৫২ জন নতুনকৈ আক্রান্ত হৈছে। এটা দিনত আক্রান্তৰ এয়া নতুন অভিলেখ। ইয়াকে লৈ দেশত মুঠ আক্রান্তৰ সংখ্যা হ’ল পাঁচ লাখ আঠ হাজাৰ ৯৫৩ জন।










