ASSAM TIMES POST
ভাৰতত ক’ৰোনা ভাইৰাছ তীব্ৰ গতিত সংক্ৰমণ হৈছে৷ ক’ৰোনাৰ এই সংকটৰ সময়তে বিহাৰত হোৱা এখন বিবাহ প্ৰশাসনক মুৰৰ কামুৰণি হৈ পৰিছে। ক’ৰোনাৰ তীব্ৰ সংক্ৰমণৰ মাজতে ১৫ জুনত বিহাৰত অনুষ্ঠিত হৈছিল এখন বিবাহ। এই বিবাহত উপস্থিত থকা ১১১গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ৰোনা ভাইৰাছ৷ আনহাতে বিয়াৰ পিছদিনাই ক’ৰোনাত আক্ৰান্ত হৈ থকা দৰাৰ মৃত্যু হয়। জিলা প্ৰশাসনে শেহতীয়াকৈ সদৰি কৰিছে যে বিয়াত সমবেত হোৱা ৩১গৰাকী লোক দেহত পূৰ্বৰে পৰা ক’ৰোনাৰ অৱস্থিতি আছিল আৰু এই বিয়াতেই পুনৰ ৮৯গৰাকীৰ দেহলৈ ক’ৰোনা সংক্ৰমিত হয় ৷
উল্লেখ্য যে বৰ্তমানলৈকে চাৰিটা পৰ্যায়ত ৩৬৯গৰাকী লোকৰ নমুনা সংগ্ৰহ কৰিছে প্ৰশাসন তথা স্বাস্থ্য বিভাগে। বিবাহত অধিক লোক সমবেত হৈছিল নেকি তাৰ অনুসন্ধান তদন্ত অব্যাহত ৰাখিছে প্ৰশাসনে৷













