ASSAM TIMES POST
নিউজ ডেস্ক:
এক শোকাবহ ঘটনা সংঘটিত হৈছে ধেমাজি জিলাৰ চিচিবৰগাঁৱত। চালকসহ এটা চাৰিজনীয়া পৰিয়াল গাড়ীৰে সৈতে নদীত পৰে। ফলত নৈৰ সোঁতে উটুৱাই নিয়ে পাঁচজনকে।
জানিব পৰা মতে, দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰ লখিমপুৰ জিলাৰ লীলাবাৰীত। অৱশ্যে ততাতৈয়াকৈ ইয়াৰে দুজনক উদ্ধাৰ কৰা হৈছে।


ঘটনাৰ বিবৰণী অনুসৰি, আজি পুৱা প্ৰায় ১০.৩০মান বজাত চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেলুৱা দলঙত আকস্মিকভাৱে লখিমপুৰ লীলাবাৰীৰ পৰা চিলাপথাৰৰ অভিমুখে আহি থকা এখন আই-টেন গাড়ী দুৰ্ঘটনাত পতিত হৈ নদীত পৰে।
দলঙৰ ৰেলিং ভাঙি নদীত পৰা ঘটনাটো প্ৰত্যক্ষ কৰে চিচিবৰগাঁৱৰ লীলা বড়া আৰু বগাধৰ দুৱৰাই। দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰি দুয়ো ততালিকে দৌৰি আহি পানীৰ সোঁতত উটি যোৱা অৱস্থাত সৰুমাই কলিতা (৪০) আৰু ববিতা কলিতা (২৪)ক জীৱন্তে উদ্ধাৰ কৰে।
কিন্তু পানীৰ গভীৰ সোঁতত উটি যোৱা আন তিনিজনক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল। গভীৰ পানীৰ সোঁতত এএছ-০৭ এফ ২১৬৪ নম্বৰৰ গাড়ীখনৰ সৈতে টংকেশ্বৰ কলিতা (৫৫), পল্লৱী কলিতা ওৰফে কুঁকি (১৬) আৰু চালক মনোৰঞ্জন মাহাতো ওৰফে শৈলেন (৩৮) হেৰাই যায়। উল্লেখযোগ্য যে অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰা দুই মাতৃ-কন্যাক চিচিবৰগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়।
পিছত উন্নত চিকিৎসাৰ বাবে দুয়োকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়।জানিব পৰা মতে, লখিমপুৰৰ লীলাবাৰী কাচিপথাৰৰ নিৱাসী, ১৩নং এপিবিএনৰ হাবিলদাৰ টংকেশ্বৰ কলিতা, পত্নী সৰুমাই আৰু দুই কন্যাক্ৰমে পল্লৱী আৰু ববিতাই চালকজনৰ সৈতে চিলাপথাৰৰ এখন বিয়া খাবলৈ আহি থকা অৱস্থাত এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়।
যাত্ৰাপথত গেলুৱা দলঙত উঠিবলৈ লওঁতেই দুৰ্ভাগ্যবশত দলঙৰ উন্মুক্ত ৰেলিঙৰ ওপৰেৰে খৰস্ৰোতা নদীত পৰে। ঘটনাৰ খবৰ পোৱা মাত্ৰকে চিলাপথাৰ, ধেমাজি, লখিমপুৰ আৰু ডিব্ৰুগড়ৰ পৰা এছডিআৰএফ, এনডিআৰএফ, আৰক্ষী আৰু ডুবাৰু বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। উদ্ধাৰ অভিযান অব্যাহত আছে যদিও বাতৰি যোগোটোৱে সময়লৈকে বাহনখন কিম্বা বাকী ৩জনৰ কোনো সন্ধান লাভ কৰা নাই।










