ASSAM TIMES POST
নিউজ ডেস্ক:
ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱাত আজি লেহত উপস্থিত হ’ব।তেওঁ উত্তৰ সেনা কমাণ্ড বিষয়া আৰু ১৪ কৰ্পছ বিষয়াৰ সৈতে সুৰক্ষা পৰিস্থিতি সম্পৰ্কে আলোচনা কৰিব।উল্লেখযোগ্য যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লাডাখ ভ্ৰমণ স্থগিত ৰাখি জেনেৰেল ৰাৱাতৰ এই ভ্ৰমণ সূচী নতুনকৈ নিৰ্ধাৰণ কৰাটো তাৎপৰ্যপূৰ্ণ ব8বিবেচিত হৈছে।
ৰাজনাথ সিঙে শুকুৰবাৰে লাডাখলৈ গৈ চীনৰ সৈতে হোৱা সংঘাতৰ ফলত সৃষ্টি হোৱা যুদ্ধ সদৃশ পৰিবেশৰ ফলত সশস্ত্ৰ বাহিনীৰ প্ৰস্তুতিৰ বুজ লোৱাৰ কথা আছিল। প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে যোৱাৰ কথা আছিল সেনা বাহিনীৰ মুৰব্বী জেনেৰেল এম এম নাভাৰণও।ইফালে বৃহস্পতিবাৰে নতুন দিল্লীত সমৰাস্ত্র ক্ৰয় সংক্রান্ত কমিটিৰ বৈঠকত ৰাছিয়াৰ পৰা ৩৩খন নতুন যুদ্ধ বিমান কিনাৰ সিদ্ধান্ত লোৱা হয়।
পিনাক ৰকেট লঞ্চাৰৰ বাবে গোলা-বাৰুদ, বিএমপি সজোৱা গাড়ীৰ আধুনিকীকৰণ, ছফটৱেৰ নির্ভৰ ৰেডিএ’ কিনাতো সন্মতি দিছে কমিটিয়ে। বায়ু আৰু নৌসেনাৰ বাবে ২৪৮টা আকাশৰ পৰা আকাশ ‘অস্ত্র’ মিছাইল কিনাৰ সিদ্ধান্তও হৈছে।











