ASSAM TIMES POST
পাকিস্তানত হোৱা এক পথ দুৰ্ঘটনাত ১৬ জন লোকৰ মৃত্যু হয়৷ এটা নাম নথকা ৰে’লৱে ক্ৰছিং পৰা হ’বলৈ লওতে পাৰ হৈ যাবলৈ ধৰা ভান এখন ৰে’লে মহতিয়াই নিয়ে৷ ঘটনাটো পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশৰ শ্বিইখপুৰাত শুকুৰবাৰে দিনৰ ১.৩০ বজাত সংঘটিত হয়৷ উল্লেখ্য যে গাড়ীখনত থকা নিহতসকলৰ ভিতৰত কমেও ১৫ জন শিখ তীৰ্থযাত্ৰী আছিল৷ ফাৰুকবাদ আৰু বীহালি ৰে’ল ষ্টেচনৰ মাজত হোৱা দুৰ্ঘটনাৰ ৰে’লখন কৰাচিৰ পৰা লাহোৰ অভিমুখে গৈছিল ৷
ৰে’ল বিভাগে মৃতদেহবোৰ স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ আহতসকলক প্ৰাথমিক চিকিৎসা দিয়ে আৰু আন কেইটাজন চিকিৎসাধীন৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে এজন অভিযন্তাক পাকিস্তান ৰে’ল বিভাগে নিলম্বিত কৰিছে৷ এই দুৰ্ঘটনাত মুঠ ২৯ জন লোক হতাহত হয়৷ শিখ তীৰ্থযাত্ৰীসকল পাচোৱাৰৰ পৰা নানকান ছাহিবলৈ গৈছিল৷ এই দুৰ্ঘটনাত নিহত যাত্ৰীসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে৷













