ASSAM TIMES POST
ঢাকঢোল বজায় জম্মু–কাশ্মীৰ পৰা অনুচ্ছেদ ৩৭০ ধাৰা তুলি দি কি লাভ হ’ল! এনেদৰে কেন্দ্ৰৰ মোডী চৰকাৰক লক্ষ্য কৰি ল’লে একালৰ মিত্ৰ শিৱসেনাই৷ দলৰ মুখপাত্ৰ ‘ছামনা’ত লিখা হৈছে, উপত্যকাৰ পৰা ৩৭০ তুলি দিয়াৰ পাছত পৰিস্থিতি একেই আছে৷ শান্তি ঘুৰি অহা নাই কাশ্মীৰলৈ৷ জম্মু–কাশ্মীৰ আৰু লাডাখ, এই দুখন কেন্দ্ৰীয় শাসিত অঞ্চল সৃষ্টি কৰাৰ পাছত কি দৰে ইমান অশান্তি? কিয় ৰক্ত বৈছে? এইদৰে প্ৰশ্ন কৰিলে শিৱসেনাই৷ বিমুদ্ৰাকৰণ বিষয়টো মোডী চৰকাৰৰ বিৰুদ্ধে লিখা হয় ‘ছামনা’ত ৷
তাত লিখিছে, পুৰণা নোট বাতিল কৰি নতুন নোট অহাৰ পাছতো সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ আৰু নকল নোটৰ লেনদেন ৰখাত ব্যৰ্থ মোডী চৰকাৰ৷ সম্প্ৰতি জম্মু-কাশ্মীৰৰ ছোপাৰ জিলাৰ পৰা এক হৃদয়বিদাৰক ছবি আহিছে৷ য’ত তিনি বছৰীয়া শিশুক তাৰ ককাকৰ মৃতদেহৰ বুকুত বহি কান্দি থকা দেখা গৈছে৷ সেনা বাহিনীৰ ওপৰত হোৱা এক সন্ত্ৰাসবাদীৰে সংঘৰ্ষৰ সময়ত সেই লোকজনৰ মৃত্যু হয়৷ ঘটনাটো উল্লেখ কৰি ‘ছামনা’ৰ সম্পাদকীয়ত লিখা হৈছে, যিসকল মন্ত্ৰীয়ে এই শিশুটিৰ ছবি ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে, তেওঁলোকে নিজৰেই ব্যৰ্থতাকেই তুলি ধৰিছে৷ আগতে আফগানিস্তান, ছিৰিয়া, ছোমালিয়াত এই ছবি দেখা গৈছিল৷













