ASSAM TIMES POST
বিজেপি চৰকাৰে জাতি-মাটি-ভেঁটি ৰক্ষা প্ৰতি আপোচ নকৰে
ৰাজ্যিক কেবিনেটৰ নতুন উদ্যোগ নীতিয়ে খিলঞ্জীয়া ভূমিৰ অধিকাৰ খৰ্ব নকৰে। কেবিনেটে জাৰি কৰা অধ্যাদেশত ২০১৫ চনৰ কৃষি আইনৰ সকলো নিয়ম বাহাল থাকিব। কৃষি ভূমি অ-কৃষি কাৰ্যত ব্যৱহাৰ কৰিব নোৱাৰিব- এই মন্তৱ্য উদ্যোগমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী। কেবিনেটৰ অধ্যাদেশক লৈ ৰাজ্যৰ জনতাৰ মনত কিছু প্ৰশ্ন উদয় হৈছিল। খেতি ভূমি উদ্যোগপতি-পুঁজিপতিসকলে ক্ৰয় কৰিব পাৰিব বুলি। ভালদৰে বুজি নোপোৱা বাবে সেই প্ৰশ্ন উদয় হোৱাটো স্বাভাৱিক কথা তেওঁ লগতে কয়।
জনতা ভৱনত সম্বোধন কৰা সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয়- বাহিৰৰ কোনো লোকে আহি ভূমি ক্ৰয় কৰিব নোৱাৰে। মাটি পট্টাৰ যিজনৰ নামত আছে তেওঁহে স্থাপন কৰিব পাৰিব উদ্যোগ। মাটি নাথাকিলে নোৱাৰিব স্থাপন কৰিব উদ্যোগ”।
ক’ৰনা ভাইৰাছৰ বাবে ৰাজ্য বাহিৰত কৰ্মৰত প্ৰায় ৪ লাখ অসমলৈ ঘূৰি আহিছে। অসমত চৰকাৰী হিচাপ অনুসৰি ২০ লাখ নিবনুৱা আছে। গতিকে ২৪লাখ নিবনুৱা সংস্থাপনৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা হৈছে অধ্যাদেশ বুলি উল্লেখ কৰি পাটোৱাৰীয়ে কয় – উদ্যোগ স্থাপনৰ বাবে তিনি বছৰলৈ কোনো বিভাগৰ অনুমতি প্ৰয়োজন নহ’ব। উদ্যোগ নিৰ্মাণ কৰিবলৈ লোৱা ভূমিখিনি নিজৰ বুলি দাখিল কৰিব লাগিব শপতনামা। কেৱল মাত্ৰ অগ্নিনিৰ্বাপক বাহিনী আৰু বিদ্যুৎ বিভাগৰ অনুমতি ল’ব লাগিব”।
তিনিবছৰৰ পিছত ছয় মাহ সময়ৰ ভিতৰত উদ্যোগটোৱে সকলো বিভাগৰ অনুমতি গ্ৰহণ কৰিব লাগিব লগতে তেওঁ কয়।
যিসকলৰ নিজৰ মাটি নাথাকিব সেইসকলে উদ্যোগীক অঞ্চলত ল’ব লাগিব ভূমি। অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে এই নীতি প্ৰযোজ্য হ’ব অৰ্থাৎ সৰ্বাধিক ৫০কোটি টকা উদ্যোগসমূহৰ বাবে এই অধ্যাদেশ – পাটোৱাৰীয়ে লগতে কয়।
জাতি-মাটি ভেটি প্ৰতি বিজেপি চৰকাৰে আপোচ কৰা নাই বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় – ৰাজ্য খেতি ভূমি খেতি কাৰ্য বাবে ক্ৰয় কৰিব লাগিব।
ট্ৰাৱেল বেল্ট আৰু ব্লক, জৈৱ বৈচিত্ৰ অঞ্চল, সত্ৰ-মন্দিৰ অঞ্চলত অধ্যাদেশ প্ৰযোজ্য নহ’ব বুলি স্পষ্টকৈ প্ৰকাশ কৰে মন্ত্ৰী পাটোৱাৰীয়ে।













