ASSAM TIMES POST
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
ক’ৰণাৰ স্বাৱ পৰীক্ষাৰ বাবে নিদিয়াকৈ কাকী ঠাইচুপাৰ পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সচিৱগৰাকীৰ নাম আহিল ক’ভিড-১৯ৰ পজিটিভৰ তালিকাত।
পঞ্চায়তটোৰ সচিৱগৰাকীৰ নাম সম্ভুৰাম সুত। উল্লেখ্য যে, যোৱা ২৫ জুন তাৰিখে কাকী স্বাস্ব্য বিভাগৰ ফালৰ পৰা পঞ্চায়তটোৰ কৰ্মকৰ্তাসকলৰ স্বাৱ সংগ্ৰহ কৰা হৈছিল। কিন্তু উক্ত দিনা উপস্হিত নাছিল সম্ভুৰাম সুত আৰু সুতে দিয়া নাছিল নিজৰ স্বাৱ। ঘটনা সন্দৰ্ভত বৰ্তমান কাকীবাসী ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ আতংক।













