ASSAM TIMES POST
সমগ্ৰ বিশ্বতে যোৱা ২৪ ঘণ্টাত ১৩টা ভূঁইকঁপৰ সৃষ্টি হয়৷ ইয়াৰে সাতটাকৈ ভূঁইকঁপ সৃষ্টি হয় ভাৰতত ৷ ভাৰতৰ ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান বিভাগে এই কথা প্ৰকাশ কৰিছে ৷
* জাপানৰ টকীয়ত শুকুৰবাৰে পুৱা এটা ভূঁইকঁপৰ সৃষ্টি হয়৷ এই ভূঁইকঁপটো ৰিখটাৰ স্কেলত ৫.১ প্ৰাৱল্যৰ আছিল৷ ভূঁইকঁপটোৰ কেন্দ্ৰ আছিল টকীয়ৰ পৰা ২৯১ কিলোমিটাৰ পূৱ-উত্তৰ অঞ্চলত৷ এই ভূঁইকঁপটো পুৱা ১০.৪২ বজাত অনুভূত হয়৷ দহ কিলোমিটাৰ গভীৰতাতে এই ভূঁইকঁপটো সৃষ্টি হৈছিল৷
* টংগাৰ নুকুৱাল’ফাত ৰিখটাৰ স্কেলত ৫.১ প্ৰাৱল্যৰ এটা ভূঁইকঁপৰ সৃষ্টি হয়৷ টংগাৰ নুকুৱাল’ফাৰ পৰা ৩৬৪ কিলোমিটাৰ উত্তৰে ইয়াৰ কেন্দ্ৰ আছিল৷ এই ভূঁইকঁপটো পুৱা ৮.২৯ বজাত সৃষ্টি হয়৷ দহ কিলোমিটাৰ গভীৰতাতে এই ভূঁইকঁপটো সৃষ্টি হৈছিল৷
* জম্মু আৰু কাশ্মীৰৰ গানদহত ৰিখটাৰ স্কেলত ৪.৪ প্ৰাৱল্যৰ এটা ভূঁইকঁপৰ সৃষ্টি হয়৷ বৃহস্পতিবাৰে বিয়লি হোৱা ভূঁইকঁপটোৰ কেন্দ্ৰ আছিল জম্মু আৰু কাশ্মীৰৰ কাটৰাৰ পৰা ৮৮ কিলোমিটাৰ পূৱে৷ এই ভূঁইকঁপটো দিনৰ ১.১০ বজাত সৃষ্টি হয়৷ ৫ কিলোমিটাৰ গভীৰতাতে এই ভূঁইকঁপটো সৃষ্টি হৈছিল৷
* টাইৱানৰ টাইপেত ৰিখটাৰ স্কেলত ৫.৪ প্ৰাৱল্যৰ এটা ভূঁইকঁপৰ শুকুৰবাৰে সৃষ্টি হয়৷ টাইপেৰ পৰা ৪২৭ কিলোমিটাৰ দক্ষিণ পূৱত ইয়াৰ কেন্দ্ৰ আছিল৷ এই ভূঁইকঁপটো পুৱা ৭.৫৩ বজাত সৃষ্টি হয়৷ দহ কিলোমিটাৰ গভীৰতাতে এই ভূঁইকঁপটো সৃষ্টি হৈছিল৷
* উত্তৰ মাৰিয়না দ্বীপৰ ছাইপানত ৰিখটাৰ স্কেলত ৫.২ প্ৰাৱল্যৰ এটা ভূঁইকঁপ শুকুৰবাৰে সৃষ্টি হয়৷ ছাইপানৰ পৰা ৫৫৯ কিলোমিটাৰ উত্তৰে ইয়াৰ কেন্দ্ৰ আছিল৷ এই ভূঁইকঁপটো পুৱা ৭.৫০ বজাত সৃষ্টি হয়৷ দহ কিলোমিটাৰ গভীৰতাতে এই ভূঁইকঁপটো সৃষ্টি হৈছিল৷
* ইণ্ডোনেছিয়াৰ ছুলাৱেছিৰ ক’টাম’বাগুত ৰিখটাৰ স্কেলত ৫.১ প্ৰাৱল্যৰ এটা ভূঁইকঁপৰ সৃষ্টি হয়৷ ক’টাম’বাগুৰ পৰা ৬৪৭ কিলোমিটাৰ উত্তৰ-উত্তৰ পূৱে ইয়াৰ কেন্দ্ৰ আছিল৷ এই ভূঁইকঁপটো দিনৰ ১২.৩০ বজাত সৃষ্টি হয়৷ দহ কিলোমিটাৰ গভীৰতাতে এই ভূঁইকঁপটো সৃষ্টি হৈছিল৷
* হায়দৰাবাদত ৰিখটাৰ স্কেলত ৫.২ প্ৰাৱল্যৰ এটা ভূঁইকঁপৰ সৃষ্টি হয়৷ হায়দৰাবাদৰ পৰা ১০৭ কিলোমিটাৰ দক্ষিণ পশ্চিমে ইয়াৰ কেন্দ্ৰ আছিল৷ এই ভূঁইকঁপটো পুৱা ৬.২০ বজাত সৃষ্টি হয়৷ দহ কিলোমিটাৰ গভীৰতাতে এই ভূঁইকঁপটো সৃষ্টি হৈছিল৷
* লাডাখৰ কাৰ্গিলত ৰিখটাৰ স্কেলত ৪.৫ প্ৰাৱল্যৰ এটা ভূঁইকঁপৰ সৃষ্টি হয়৷ কাৰ্গিলৰ পৰা ১১৯ কিলোমিটাৰ উত্তৰ-উত্তৰ পশ্চিমে ইয়াৰ কেন্দ্ৰ আছিল৷ এই ভূঁইকঁপটো দিনৰ ১.১১ বজাত সৃষ্টি হয়৷ ৯০ কিলোমিটাৰ গভীৰতাতে এই ভূঁইকঁপটো সৃষ্টি হৈছিল৷
* অৰুণাচল প্ৰদেশৰ চাংলঙত ৰিখটাৰ স্কেলত ৪.৪ প্ৰাৱল্যৰ এটা ভূঁইকঁপ বৃহস্পতিবাৰে সৃষ্টি হয়৷ চাংলঙৰ পৰা ১৭৪ কিলোমিটাৰ দক্ষিণ-দক্ষিণ পূৱে ইয়াৰ কেন্দ্ৰ আছিল৷ এই ভূঁইকঁপটো দিনৰ ১.০৮ বজাত সৃষ্টি হয়৷ দহ কিলোমিটাৰ গভীৰতাতে এই ভূঁইকঁপটো সৃষ্টি হৈছিল৷
* উত্তৰ প্ৰদেশৰ বাৰিউটত ৰিখটাৰ স্কেলত ৪.৫ প্ৰাৱল্যৰ এটা ভূঁইকঁপৰ সৃষ্টি হয়৷ নতুন দিল্লীৰ পৰা ৬৫ কিলোমিটাৰ উত্তৰ-উত্তৰ পূৱত ইয়াৰ কেন্দ্ৰ আছিল৷ এই ভূঁইকঁপটো পুৱা ৯.৫১ বজাত সৃষ্টি হয়৷ ৭৪২ কিলোমিটাৰ গভীৰতাতে এই ভূঁইকঁপটো সৃষ্টি হৈছিল৷
* ৰাজস্থানৰ টোদাৰাসিং টেহছিলত বৃহস্পতিবাৰে পুৱা ৰিখটাৰ স্কেলত ৪.৬ প্ৰাৱল্যৰ এটা ভূঁইকঁপৰ সৃষ্টি হয়৷ ৰাজস্থানৰ আজমিৰৰ পূৱ-দক্ষিণ পূৱে ৮৬ কিলোমিটাৰ নিলগত ইয়াৰ কেন্দ্ৰ আছিল৷ পুৱা ৬.৫৪ বজাত হোৱা এই ভূঁইকঁপটো ১০ কিলোমিটাৰ গভীৰতাত আছিল৷













