ASSAM TIMES POST
নিউজ ডেস্কঃ
সাধাৰণ মানুহক চিন্তাৰ পৰা স্বস্তি দিবলৈ এলপিজি চিলিণ্ডাৰত আহিল এক নতুন নিয়ম। মূল্যবৃদ্ধিৰ বজাৰত বৃদ্ধি পাই আছে চিলিণ্ডাৰৰ দামো। সেয়ে গ্রাকৰ সুবিধার্থে এলপিজিয়ে আনিব বিচাৰিছে এক নতুন নিয়ম।
প্রধানমন্ত্রীৰ উজ্জ্বলা প্রকল্প :
লকডাউনৰ ভিতৰত প্রধানমন্ত্রীৰ উজ্জ্বলা প্রকল্পৰ অধীনত ১ এপ্রিলৰ পৰা ৩০ জুন পৰ্যন্ত নাগৰিকসকলক বিনামূল্যে তিনিটা চিলিণ্ডাৰ দিয়াৰ আশ্বাস দিয়া হৈছিল। ইয়াৰ বাবে পূৰ্বতেই গ্রাহকৰ একাউন্টত চিলিণ্ডাৰ কিনাৰ টকা চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছিল। কিন্তু তৃতীয় চিলিণ্ডাৰৰ ক্ষেত্রত আগতে ক্রেতাই নিজৰ ধনেৰে চিলিণ্ডাৰ কিনিব, তাৰ পিছত চৰকাৰে তেওঁক ধন দিব। প্রায় ডেৰ লাখ মানুহ এই প্রকল্পৰ অধীনত আছে।
চিলিণ্ডাৰৰ দাম বৃদ্ধি :
জুলাইৰ আৰম্ভণিতে ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ দাম বৃদ্ধি পোৱাত সাধাৰণ মানুহত কপালত চিন্তাৰ ৰেখা পৰিছিল। দিল্লীত ৰাজসাহায্যবিহীন ১৪.২ কেজি চিলিণ্ডাৰৰ দাম বাঢ়ি হৈছিল ৫৯৪ টকা। ইয়াৰ উপৰি দেশৰ বিভিন্ন প্ৰান্ততো বাঢ়িছিল এই চিলিণ্ডাৰৰ দাম।
কি এই নতুন নিয়ম?
সূত্র মতে, পেট্রোলিয়াম মন্ত্ৰালয়ে গ্রামীণ আৰু সৰু সহৰসমূহৰ কথা ভাবি শীঘ্ৰেই এক নতুন সেৱা প্রদানৰ লক্ষ্য লৈছে। সেইমতে পর্যালোচনাও চলিছে। উপকৃত হ’ব উজ্জ্বলা প্রকল্পৰ আঠ কোটিৰো অধিক গ্রাহক। এতিয়াৰে পৰা নিজৰ প্রয়োজন মতে চিলিণ্ডাৰ কিনিব পাৰিব গ্ৰাহকে।
প্রয়োজন নহ’লে ১৪ কেজি চিলিণ্ডাৰ নল’লেও হ’ব গ্রাহকে। তাৰ লগতে সম্পূর্ণ ধন নিদিলেও হ’ব পাৰে। এনেকুৱাই এক নতুন নির্দেশিকা জাৰি কৰিছে এলপিজি কোম্পানীয়ে। মোবাইল এলপিজি ভেনৰ মাধ্যমেৰেই এই সেৱা দিয়া হ’ব। আনকি এলপিজি লোৱাৰ পৰিমাণৰ ওপৰত ভিত্তি কৰিয়েই ৰাজসাহায্য দিয়া হ’ব। সর্বনিম্ন ৮০ টকাৰ পৰা ১০০ টকাৰ ভিতৰতেই চিলিণ্ডাৰ কিনিব পাৰিব গ্রাহকে। তেনে ক্ষেত্রত ৰাজসাহায্যৰ পৰিমাণো কমিব।













