ASSAM TIMES POST
নিউজ ডেস্ক : আয়কৰদাতাৰ বাবে সুখবৰ । ২০১৯-২০ বিত্তীয় বর্ষত আয়কৰ ৰিটার্ন জমা দিয়াৰ শেষ সময়সীমা ৩০ নৱেম্বৰ পর্যন্ত বৃদ্ধি কৰা হৈছে। শনিবাৰে আয়কৰ বিভাগৰ তৰফৰ পৰা এই তথ্য ঘোষণা কৰা হৈছে। ‘বর্তমান যি সময়ৰ মাজেৰে আমি অতিক্ৰম কৰিবলগা হৈছে, তাক উপলব্ধি কৰিয়েই আয়কৰ ৰিটার্ন জমা দিয়াৰ শেষ তাৰিখ বৃদ্ধি কৰা হৈছে।’ এনেদৰে জনায় আয়কৰ বিভাগে। প্রথমে ৩০ জুন আৰু ৩১ অক্টোবৰ আছিল বিগত বিত্তীয় বর্ষৰ আয়কৰ ৰিটার্ন জমা দিয়াৰ শেষ সময়সীমা। কৰোনা-লকডাউনৰ প্ৰভাৱত যাক বৃদ্ধি কৰি ৩১ জুলাই কৰা হৈছিল। এতিয়া সেয়া আৰু বঢ়াই ৩০ নৱেম্বৰ কৰা হ’ল। ইয়াৰ উপৰি কৰ-অডিট ৰিপোর্ট জমা দিয়াৰ শেষ তাৰিখো বঢ়াই ৩১ অক্টোবৰ কৰা হৈছে।













