ASSAM TIMES POST
নিউজ ডেস্ক :
দেশত ক্ৰমাৎ বৃদ্ধি পাইছে সংক্রমণ। প্রতিদিনে অভিলেখ ভংগ কৰিছে কৰোনা ভাইৰাছৰ বিস্তাৰে। শুক্রবাৰে সংক্ৰমণত দেশত সৃষ্টি হয় পুনৰ নতুন ৰেকর্ড। বিগত ২৪ ঘন্টাত আক্রান্ত হ’ল ২২ হাজাৰ ৭৭১জন। আৰু মৃত্যু হয় ৪৪২জনৰ।
নতুন মৃত্যু আৰু সংক্রমণৰ বাবে দেশত মুঠ আক্রান্তৰ সংখ্যা উপনীত হ’ল ৬ লাখ ৪৮ হাজাৰ ৩১৫ত। ইয়াৰ ভিতৰত সক্ৰিয় ২ লাখ ৩৫ হাজাৰৰো বেছি। সুস্থ হৈছে ৩ লাখ ৯৪ হাজাৰ আৰু মৃত্যু হৈছে ১৮,৬৫৫জনৰ।
দেশৰ ভিতৰত সংক্রমণৰ শীর্ষত এতিয়াও মহাৰাষ্ট্র। ৰাজ্যখনত সংক্রমণৰ সংখ্যা উপনীত হৈছে ১ লাখ ৯২ হাজাৰত। মৃত্যু হৈছে ৮ হাজাৰ ৩৭৬জনৰ।
মহাৰাষ্ট্রৰ পিছতেই কৰোনাৰ সংখ্যাৰ তালিকাত দ্বিতীয় স্থানত আছে তামিলনাডু। ৰাজ্যখনত আক্রান্তৰ সংখ্যাই পাৰ কৰিলে ১ লাখৰ সীমা। মৃত্যু হৈছে ১৩৮৫জনৰ।













