ASSAM TIMES POST
মাহে মাহে ২০০ টকাকৈ দি বছৰত ৭২ হাজাৰ টকা পেঞ্চন নিশ্চিত কৰক
নিউজ ডেস্ক :
৩০ বছৰ বয়সৰ পৰাই এই প্রকল্পত অংশগ্রহণ কৰিব পাৰে বুলি জনাইছে কেন্দ্রীয় শ্রমমন্ত্রী সন্তোষ গাঙ্গোৱাৰে। মোদী চৰকাৰৰ দুটা প্রকল্পৰ ভিতৰত প্রথমটো হ’ল প্রধানমন্ত্রী সমযোগী মানধন আৰু নেছনেল পেঞ্চন স্কীম। যোৱা সপ্তাহ পেঞ্চন সপ্তাহ হিচাপে পালন কৰে মোদী চৰকাৰে ৷ আৰু তাত কেন্দ্রীয় শ্রমমন্ত্রী কয় এই দুটা প্রকল্প খুব সাধাৰণ তাত কোনো অসুবিধা নাই। ২০ লক্ষ কৃষকৰ পেঞ্চন প্ৰদান কৰাৰ সিদ্ধান্ত মোদী চৰকাৰৰ, এই ক্ষেত্ৰত আবেদনৰ প্ৰক্রিয়া এনেধৰণৰ-
প্রতিমাহে বিনিয়োগ ৫৫ৰ পৰা ২০০ টাকা পর্যন্ত। চৰকাৰৰ দাবী অনুযায়ী এই দুটি প্রকল্পৰ নাম নথিভুক্ত কৰিবলৈ ২ৰ পৰা ৩ মিনিট সময় লাগিব অর্থাৎ বহু কম। আৰু প্রতি মাহে ৫৫ৰ পৰা ২০০ টকাৰ ভিতৰত দিব লাগিব। প্রতি মাহে কিমান পৰিমাণ টকা দিব সেইটো সেই ব্যক্তিৰ বয়সৰ ওপৰত নির্ভৰ কৰিছে। এই প্রকল্পৰ সম্বন্ধে কেন্দ্রীয় মন্ত্রী জনাইছে যে, ৩০ বছৰত কোনো মানুহে যদি এই প্রকল্পত অংশগ্ৰহণ কৰে তাক প্রতি মাহত ১০০ টকাকৈ দিব লাগিব। বছৰত ১২০০ টকা আৰু ৩০ বছৰত ৩৬ হাজাৰ টকা।
সাধাৰণ মানুহৰ বাবে যেনেকৈ প্রধানমন্ত্রী সমযোগী মানধন যোজনা আছে ব্যবসায়ীসকলৰ বাবে মোদী চৰকাৰে যি প্রকল্প আৰম্ভ কৰিছে সেই প্রকল্পটোৰ নাম এনপিএছ অর্থাৎ নেছনেল পেনছন স্কীম।
৮০% পর্যন্ত ডাটা সংৰক্ষণ কৰি এপৰ জৰিয়তে চিত্ৰবোৰ চাওক । কমন চার্ভিছ চেন্টাৰত গৈ কৃষকসকলে নিজৰ নাম নথিভুক্ত কৰিব পাৰিব। ৰেজিট্ৰেচনৰ বাবে আধাৰকার্ড মাটিৰ কাগজৰ ফটোকপি দু’কপি ফটো আৰু বেংকৰ পাছবুকৰ প্ৰয়োজন হ’ব । ৰেজিস্ট্রেশনৰ বাবে কোনো মাচুল দিব নালাগে ৷
নাম ৰেজিস্ট্রেছন কৰাৰ পিছত তাৰ এটা পেঞ্চন ইউনিক নম্বৰ আৰু পেঞ্চন কার্ড প্ৰদান কৰা হ’ব। তাৰপিছত সেইসকলে প্রতি মাহত ৩,০০০ টকা পেঞ্চন পাব। পলিছি হোল্ডাৰৰ মৃত্যুৰ পিছত তেওঁৰ পত্নীয়ে ৫০ শতাংশ পেঞ্চন পাব। কোনোবাই মাজতে এৰি দিব খুজিলে তাৰ টকা ওভতাই পাব। যিমান টকা জমা কৰিছে বেংকৰ সুতৰ হাৰ হিচাপেই টকাসহ ওভতাই পাব ৷













