ASSAM TIMES POST
গুৱাহাটীত অধিক ভয়ংকৰ হৈছে ক’ৰনা গণ সংক্ৰমন।প্ৰতিদিনে দ্ৰুত গতিত বৃদ্ধি পাইছে কামৰূপ(ম) জিলাত কভিড আক্রান্ত সংখ্যা।যোৱা ১৫ জুনৰ পৰা জিলাখনত ভ্ৰমণ বিতান্ত নথকা ক’ৰনা আক্রান্ত সংখ্যাই অতিক্ৰম কৰিছে দুহেজাৰ অধিক।
কামৰূপ (ম) জিলা প্ৰশাসনে গুৱাহাটী ৰাজ ভৱন অর্থাৎ ৰাজ্যপাল ভৱন কণ্ট্ৰেমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে। শেহতীয়াভাৱে ৰাজ ভৱনৰ দুই কৰ্মচাৰী দেহত ধৰা পৰিছিল ক’ভিড।শুকুৰবাৰে কৰ্মচাৰী দুজনৰ দেহত ক’ভিড ধৰা পৰা পিছতে জিলা প্ৰশাসনে ৰাজ ভৱনৰ চৌহদ কণ্ট্ৰেমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে। উল্লেখ যে ৰাজ্যপালেও শ্বোৱাব টেষ্ট কৰিছে।













