ASSAM TIMES POST
নিউজ ডেস্ক :
শনিবাৰে বিহাৰত বজ্ৰপাতত ১৮ জন লোকৰ কৰুণ মৃত্যু হয় ৷ ভোজপুৰ আৰু ছাৰণ জিলাৰ পৰা ৪ জনকৈ লোকৰ মৃত্যু হৈছে ৷ ইয়াৰোপৰি কাইমুৰ, পাটনা আৰু বক্সাৰৰ পৰাও মৃত্যুৰ খবৰ আহিছে ৷ দুদিনৰ পূৰ্বে বিহাৰৰ পাছখন জিলাৰ ৮ জন লোকৰ বজ্ৰপাত পৰি মৃত্যু বৰণ কৰিছিল ৷ তাৰ পিছতো ৰাজ্যখনত বহু লোক বজ্ৰপাত হৈ মৃত্যু বৰণ কৰাৰ বাতৰি আহিছে ৷
বিহাৰৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰে মৃতকৰ পৰিয়াল বৰ্গলৈ ৪ লাখকৈ টকাৰ সাহায্য ঘোষণা কৰিছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীলৈ আবেদন জনাই কৈছে যে, “প্ৰাকৃতিক দূৰ্যোগ সন্দৰ্ভত সজাগ থাকক, বতৰ বেয়া হ’লে যথা সম্ভৱ ঘৰত থাকক” ৷ বিগত ১ সপ্তাহত প্ৰায় ১০০ জনলোকৰ বজ্ৰপাত পৰি মৃত্যু হৈছে ৷
বতৰ বিশেষজ্ঞসকলৰ মতে চলিত বৰ্ষত বিহাৰ আৰু উত্তৰ প্ৰদেশত স্বাভাৱিকৰ তুলনাত অধিক তাপমাত্ৰা হৈছে ৷ তাৰ লগতে বঙ্গোপ সাগৰৰ পৰা আহা আৰ্দ্ৰ বায়ুয়ে পৰিবেশক অস্থিতিশীল কৰি তুলিছে৷ সেইবাবে বিগত ১৫ দিনত প্ৰায় ডেৰশ লোকৰ বজ্ৰপাতত মৃত্যু হৈছে ৷ আইএমডিৰ ডাইৰেক্টৰ জেনেৰেল মৃত্যুঞ্জয় মহাপাত্ৰই কয় যে, বিহাৰ চৰকাৰক আগতেই সতৰ্ক কৰি দিয়া হৈছিল ৷
বতৰৰ গতি-বিধি সলনি হৈছে৷ তেওঁ কয়, “আমি ৰাজ্যৰ ইমাৰজন্সি অপাৰেটৰ চেণ্টাৰ জনাই দিছিলো বতৰ বেয়া হ’ব পাৰে৷ পাটনাৰ বতৰ বিভাগক, ৰাজ্যৰ বিপৰ্যয় মোকাবিলা কৰা বিভাগৰ লগতে সংবাদ মাধ্যমকো জনোৱা হৈছিল বুলি কয় ৷













