
পশ্চিম কাৰ্বিআংলং:
নগাওঁ জিলাৰ সীমান্তবৰ্তী অঞ্চল ৰজাগাঁৱৰ বিভিন্ন স্থানত একেদিনাই ৭ জন লোকৰ দেহত কভিড পʼজিটিভ ধৰা পৰাৰ পিছত আতংকই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত। ইয়াৰ পিছতে আজি পুৱাৰে পৰা ৫ দিনৰ বাবে সমগ্ৰ ৰজাগাওঁ অঞ্চলত ৰাজহুৱা লকডাউন ঘোষনা কৰে ৷
বিভিন্ন সামাজিক দল, সংগঠন, বজাৰ পৰিচালনা সমিতি, আৰু স্থানীয় ৰাইজে জনতাৰ লক ডাউন আহ্বান কৰিছে । ইতিমধ্যে পুৱাৰে পৰা ৰজাগাঁৱৰ সকলোবোৰ দোকান পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, যান বাহন চলাচল বন্ধ হৈ পৰিছে । উল্লেখযোগ্য যে, বহিঃৰাজ্যৰ পৰা অহা বহু লোক কোৱাৰেন্টীনত ৭ দিন কটোৱাৰ পিছত ৭ দিনৰ বাবে হোম কোৱাৰেন্টীনলৈ প্ৰেৰণ কৰা হয় ।
কিন্তু লোকসকলৰ ১৪ দিন কুৱাৰেন্টীন উকলি যোৱাৰ পিছত তেওঁলোক বজাৰ, ৰাজহুৱা স্থানত ঘূৰি ফুৰাৰ পিছত শনিবাৰে ৭ জন লোকৰ দেহত কভিড পʼজিটিভ ধৰা পৰে । ইয়াৰ পিছত গণ সংক্ৰমণৰ আশংকাত অঞ্চলজুৰি ৫ দিনৰ বাবে জনতা লক ডাউন আহ্বান কৰা হয় স্থানীয় দল সংগঠনৰ লগতে বজাৰ সমিতিয়ে ।













