
নিউজ ডেস্ক :
কৰোনাৰ পৰা নিবৃত্তি পাবলৈ সমগ্ৰ বিশ্বই যুঁজ দি থকাৰ সময়তে কৰোনাৰ উৎপত্তিস্থল চীনত পুনৰ প্লেগ মহামাৰিৰ আশঙ্কাই দেখা দিছে। চীনৰ মঙ্গোলিয়াৰ হস্পিটেলত বিউবোনিক প্লেগৰ ৰোগীৰ সন্ধান পোৱাৰ পিছৰ পৰাই এতিয়া এই আশংকা অধিক ঘনীভূত হৈ পৰিছে। ফলত দেশখনত দেওবাৰে ‘লেভেল থ্রি ৱার্নিং’ জাৰি কৰা বুলি জানিব পৰা গৈছে।
মঙ্গোলিয়াৰ পৰা উত্তৰে এখন হস্পিটেলত এই ৰোগত আক্রান্ত ৰোগী এজনৰ সন্ধান পোৱা গৈছে। দেশখনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা মতে, মানুহৰ পৰা মানুহৰ শৰীৰলৈ এই ৰোগ বিয়পাৰ আশঙ্কা কৰা হৈছে।
উল্লেখযোগ্য যে চলিত বছৰৰ শেষ পর্যন্ত এই সতর্কতা জাৰি থাকিব বুলি জনোৱা হৈছে। আনহাতে, বন্য প্ৰাণী চিকাৰ আৰু ভক্ষণৰ পৰা এই ৰোগ বিয়পাৰ আশঙ্কা কৰা হৈছে।
উল্লেখযোগ্য যে এই বিউবোনিক প্লেগ হ’ল বেক্টেৰিয়াৰ সংক্রমণ। ই বনৰীয়া ইন্দুৰৰ জৰিয়তে বিয়পিব পাৰে। এই ৰোগ সংক্ৰমণৰ ২৪ ঘণ্টাৰ ভিতৰত এজন ৰোগীৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে বুলি বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে।













