
নিউজ ডেস্ক :
আমেৰিকাৰ ইডাহোত মাজ আকাশত দুই বিমানৰ মুখামুখী সংঘর্ষ। ফলত ডিলেন হ্রদৰ ওপৰত ভাঙি পৰে বিমান দুখন। মুহূর্ততে জুয়ে আগুৰি আৰু হ্রদৰ পানীত ডুবি যায় বিমান দুখন। ঘটনাত ৮জনৰ মৃত্যুৰ খবৰ পোৱা গৈছলছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশঙ্কা কৰা হৈছে।
বাতৰি যোগোটোৱাৰ সময়লৈকে ৬ যাত্রীৰ কোনো সন্ধান পোৱা হোৱা নাই। হ্রদৰ পানীত ডুবি যোৱাৰ পূৰ্বে ২ যাত্রীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতকৰ ভিতৰত শিশুও আছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে উদ্ধাৰকাৰীয়ে উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে। দুর্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে নেচনেল ট্ৰেন্সপোর্টেচন ছেফটি বোৰ্ডে।
সৰু যাত্রীবাহী বিমান বাবে ডাঙৰ ক্ষতি হোৱা নাই বুলি অনুমান কৰা হৈছে। অৱশ্যে বিমানৰ যাত্রী আৰু ক্রু সকলোৰেই মৃত্যু হৈছে বুলি দাবী উদ্ধাৰকাৰী বাহিনীৰ। হ্রদৰ পানীৰ তলত ডুবাৰোৱে অনুসন্ধান আৰম্ভ কৰিছে। অৱশ্যে ঠিক কিমানজন যাত্রী বিমানত আছিল সেয়া জানিব পৰা হোৱা নাই।













