![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু :
১৯৬০ চনৰ ভাষা আন্দোলনৰ শ্বহীদ সুর্য বৰাৰ ৬১ সংখ্যক স্মৃতি দিবস আজি ৮ জুলাই তাৰিখে অসম সাহিত্য সভাই ক’ৰোনা ভাইৰাছ সংক্রমণৰ ভয়াবহতাৰ মাজতেই চৰকাৰী নির্দেশনা মানি অনুষ্টুপীয়াকৈ কেন্দ্রীয়, আঞ্চলিক, জিলা আৰু শাখা কার্যালয়সমূহত মহান শ্বহীদগৰাকীৰ স্মৃতিত শ্রদ্ধাঞ্জলি জনায় ।
অসম সাহিত্য সভাৰ প্রধান সম্পাদক যাদব চন্দ্র শৰ্মাই এক বিবৃতি যোগে জনায় যে, কম সংখ্যক ব্যক্তিৰ উপস্থিতি আৰু চৰকাৰী নির্দেশনাৰ প্রতি লক্ষ্য বাখি সভাৰ কেন্দ্রীয়, আঞ্চলিক, জিলা আৰু শাখা সাহিত্য সভাসমূহৰ কার্যালয়ত ভাষা শ্বহীদ গৰাকীৰ স্মৃতিত শ্রদ্ধাঞ্জলি জনোবা হয়।
ইতিমধ্যে প্রধান সম্পাদকগৰাকীয়ে সভাৰ অন্তর্গত সকলো জিলা, শাখাৰ বিষয়ববীয়াক ভাষা শ্বহীদগৰাকীক শ্রদ্ধাৰে সোঁৱৰণ কৰি বর্তমান পৰিস্থিতিৰ মাজতো সভাৰ কার্যসূচী অব্যাহত ৰখাত ধন্যবাদ জনায়।

আন এক বিবৃতি যোগে প্রধান সম্পাদকগৰাকীয়ে জনায় যে ওডালগুৰি জিলাৰ কলাইগাঁও নিবাসী এগৰাকী শিক্ষয়িত্রী নয়নতৰা চহৰীয়া যোৱা ৬ জুলাই তাৰিখে প্রাতঃভ্রমণৰ পৰা নিৰুদ্দেশ হোৱাৰ পিছত ৭ জুলাইত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাত গভীৰ শোক প্রকাশ কৰে।
কেন্দুকলাই শাখা সাহিত্য সভাৰ সদস্যা তথা শিক্ষয়িত্রী নয়নতৰা চহৰীয়াৰ হত্যাকাণ্ডত গভীৰ উদ্বেগ প্রকাশ কৰি প্রকৃত হত্যাকাৰীক বিছাৰি উলিয়াই উপযুক্ত শাস্তি প্রদানৰ বাবে চৰকাৰৰ ওচবত দাবী জনায়।
প্রধান সম্পাদক শৰ্মাই আঞ্চলিক কার্যালয়, মঙ্গলদৈৰ সম্পাদক দ্বীপেন্দ্র নাৰায়ণ কোঁৱৰ, মঙ্গলদৈ সাহিত্য সভাৰ সম্পাদক কালিন্দ্র বৰুৱা, কেন্দ্রীয় সদস্য অখিল কলিতা প্রমুখ্যে ওডালগুৰি জিলা সাহিত্য সভাৰ প্রতিনিধি আবুল হুছেইন, প্রতাপ ভট্ট, ইমৰাণ হুছেইন, গৌৰী শংকৰ দাসসহ এটি প্রতিনিধি দল মৃতকৰ ঘৰত উপস্থিত হৈ মৃতকৰ স্বামী শিক্ষক উপেন বৰুৱাক লগ ধৰি সমবেদনা জনোৱাৰ উপৰিও স্থানীয় আছু, মহিলা সমিতি, সাংবাদিক প্রমুখ্যে কেইবাটাও সংগঠনৰ বিষয়ববীয়াৰে ঘটনাটোৰ বুজ লয় আৰু ন্যায়িক তদন্তব দাবী কৰে ।
সভাৰ অন্য এটি বিবৃতি যোগে যোৱা ৭ জুলাই নিশা ১৯৮২ চনত অনুস্থিত হোবা অসম সাহিত্য সভাৰ ডিফু অধিবেশনৰ আদবণি সমিতিৰ সাধাৰণ সম্পাদক তথা অসম চৰকাৰৰ প্রাক্তন স্বাস্থ্যমন্ত্রী ছামচিং হান্সেৰ সুযোগ্যা পত্নী সাহিত্যানুৰাগী সমাজ হিতৈষী মহিলা কুংৰী তেৰণপীৰ মৃত্যুত অসম সাহিত্য সভাই গভীৰ শোক প্রকাশ কৰে। একশোক বার্তাৰ জবিয়তে সভাৰ হৈ প্রধান সম্পাদক শৰ্মাই মৃতকৰ আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷













