![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু:
দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত সমগ্ৰ অসমৰ লগতে পাহাৰীয়া জিলা কাৰবি আংলঙতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে ৷ সাধাৰণ জনতাৰ পক্ষত থাকি সৰৱ ভূমিকা পালন কৰি অহা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ মুক্তিৰ দাবীত কাৰ্বি আংলঙৰ হাওৰাঘাটত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উছুকাই প্ৰতিবাদ সাব্যস্ত কৰে৷
পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ অন্যতম ছাত্ৰ সংগঠন সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ ৰ প্ৰায় ২০ জনীয়া সদস্যই কৃষক নেতা অখিল গগৈক শীঘ্ৰে মুক্তি দিয়ক, অখিল গগৈ জিন্দাবাদ, অখিল গগৈক উন্নত চিকিৎসা প্ৰদান কৰক, বিজেপি চৰকাৰ হুচিয়াৰ, ষড়যন্ত্ৰ বন্ধ কৰক, অসমৰ ৰাইজক প্ৰতাৰণা কৰা বন্ধ কৰক আদি বিভিন্ন দাবী সম্বলিত প্লে-কাৰ্ড হাতে হাতে লৈ শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।
উছুকাৰ সভাপতি সম্পাদক ক্ৰমে বিবিচন টেৰণ আৰু জিণ্টু হাজৰিকাই প্ৰতিবাদস্থলীত শাসনাধিষ্ঠিত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি অখিল গগৈৰ লগতে কা বিৰোধী আন্দোলনত জড়িত সকলো কাৰাবন্দীক শীঘ্ৰে মোকলাই দিবলৈ ৰাজ্য চৰকাৰক দাবী জনাই। তাৰোপৰি কাৰাৰুদ্ধ নেতা কেইজনক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈও ৰাজ্য চৰকাৰক দাবী জনাই প্ৰতিবাদকাৰীসকলে।উল্লেখযোগ্য যে ইতিমধ্যে কৃষক নেতা অখিল গগৈৰ দেহত ধৰা পৰিছে ক’ৰোণাৰ অৱস্থিতি।













