![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু:
অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাই আৰক্ষীয়ে আজি ১৬ মাইলৰ পৰা এনএল-০৭-এফ-৭৭৬১ নম্বৰৰ এখন নগালেণ্ডৰ অট’ৰ পৰা ৬৪ কিলোগ্ৰাম গাঁজা জব্দ কৰিবলৈ সক্ষম হয়।
গাঁজাখিনি ডিমাপুৰৰ পৰা লংকালৈ লৈ গৈ আছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। এই বৃহৎ পৰিমাণৰ গাঁজা সৰবৰাহৰ লগত জড়িত তিনি মহিলাসহ এজন পুৰুষ সৰবৰাহকাৰী ডিলাই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন ব্যক্তি কেইগৰাকী হৈছে ক্ৰমে গীতা দেৱী, অনিতা ৰায়, মুনমি মাহত’ আৰু ৰবীন্দ্ৰ দাস। জব্দকৃত গাঁজাখিনিৰ বজাৰ মূল্য কেবালক্ষাধিক হোৱাৰ লগতে ডিলাই আৰক্ষীয়ে ২১/২০২০ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি ধৃত ব্যক্তিকেইগৰাকীক জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।

উল্লেখ্য যে বোকাজান মহকুমাৰ অন্তৰ্গত খটখটি আৰু ডিলাই আৰক্ষীয়ে ৩৯নং আৰু ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথ দুটাত বিভিন্ন সময়ত চলোৱা নিয়মীয়া তালাচীত মণিপুৰ, নগালেণ্ডৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যলৈ যোৱা বহু যাত্ৰীবাহী বাছ, অট’ তথা অন্যান্য বাহনৰ পৰা উদ্ধাৰ কৰা বহু কোটি টকা মূল্যৰ গাঁজা তথা বিভিন্ন অবৈধ সামগ্ৰী জব্দ কৰা ঘটনাই ৩৯নং আৰু ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথ দুটাক একাংশ অসাধু ব্যৱসায়ীয়ে ক’ৰিডৰ হিচাপে ব্যৱহাৰ কৰি অহাৰ দীৰ্ঘদিনীয়া অভিযোগৰ সত্যতা প্ৰমাণ কৰে।












