![]()
নিউজ ডেস্ক:
হঠাৎ ছুগাৰ বাঢ়ি যোৱাত অসুস্থ হৈ পৰিছে এআইইউডিএফ প্রধান তথা অসম জমিয়তে উলামায়ে হিন্দৰ সভাপতি ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল। বিগত সপ্তাহৰ পৰাই শাৰীৰিক অৱস্থা কিছু অৱনতি ঘটিছিল। বৰ্তমান তেওঁ চিকিৎসাধীন।
অন্য এক সূত্র মতে, এআইইউডিএফ দলৰ কেন্দ্রীয় কার্যকৰী সভাপতি বৰপেটাৰ প্রাক্তন সাংসদ চিৰাজুদ্দিন আজমলো অসুস্থতাৰ বাবে বর্তমান মুম্বাইৰ এক বেচৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
দুই ভাই মৌলানা বদৰুদ্দিন আজমল আৰু চিৰাজুদ্দিন আজমল একলগে অসুস্থ হোৱাৰ খবৰত দলীয় মহলত তীব্ৰ আশংকাই দেখা দিছে।













