![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
লক্ষণ নথকা ক’ৰোনা আক্রান্ত সকলৰ বাবে ভাল খবৰ দিলে ৰাজ্য স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।লক্ষণ নথকা ক’ৰোনা আক্রান্তই কভিড কেয়াৰ চেন্টাৰৰ বিপৰীতে থাকিব পাৰিব নিজৰ ঘৰতে।তাৰ বাবে স্বাস্থ্য বিভাগে বান্ধি দিছে বিশেষ নিয়ম।
ৰোগী গৰাকীক লৈ ওচৰ-চুবুৰীয়া থাকিব নালাগিব কোনো আপত্তি।আক্রান্ত ব্যক্তিগৰাকীৰ বৃদ্ধ পিতৃ-মাতৃ তেওঁ লগত থাকিব নালাগিব। থাকিব লাগিব এজন ব্যক্তিগত চিকিৎসক।
নিজে ক্ৰয় কৰি লব লাগিব এটা পালছ অক্সিমিটাৰ।অক্সিমিটাৰত পালছ যদি ৯৫ তললৈ নামি যায় তেন্তে নিজৰ গাড়ীৰে ভৰ্ত্তি হব লাগিব গুৱাহাটী মেডিকেল কলেজ হাস্পতালত।
নিয়ম সমূহ যদি ৰোগী গৰাকীয়ে মানি চলিম বুলি লিখিত ভাৱে স্বাস্থ্য বিভাগক প্ৰদান কৰিলে আক্রান্ত ব্যক্তিজন ঘৰতে আইছলেচন হৈ থাকিব পাৰিব-মন্ত্ৰী শৰ্মাই কয়।
হোম আইছলেচন আত্মঘাটি ব্যৱস্থা।ৰাজ্য চিকিৎসক সকলে স্বাস্থ্য বিভাগক এই কথা জনাই আহিছে যদিও ৰাইজৰ অভিযোগৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিব লগা হৈছে বুলি গুৰুত্বপূৰ্ণ মন্তৱ্য প্ৰকাশ কৰে মন্ত্ৰী শৰ্মাই।
আনহাতে বিমান যাত্ৰী সকলক এতিয়াৰে পৰা কৰা হব এন্টিজেন টেষ্ট।যদি ফলাফল নেগেটিভ আহে তেন্তে ইনষ্টিটিউচন কোৱাৰেণ্টাইন বিপৰীতে ১৪দিন থাকিব লাগিব হোম কোৱাৰেণ্টাইনত।













