ষ্টাফ ৰিপ’ৰ্টাৰ,নগাঁও:
![]()
নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী ইটাপাৰা আৰক্ষী চকীৰ অন্তৰ্গত ৰৌমাৰীত আজি দুটা ফৈদৰ মাজত হোৱা সংঘৰ্ষত দুগৰাকী মহিলাসহ দুয়োটা ফৈদৰে মুঠ ১২ জন লোক গুৰুতৰ ভাৱে আহত হয় । আহত সকলক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
ক’ৰোনা ভাইৰাছৰ বিভীষিকাৰ সময়ত এজন লোকে মাস্ক নিপিন্ধাকৈ ঘূৰি-ফুৰাকলৈয়ে এই সংঘৰ্ষৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে যদিও দুয়োটা পক্ষৰ মাজত দীৰ্ঘদিনীয়া মাটি বাৰীৰ সংঘাত থকাৰ বিষয়ে আৰক্ষীয়ে তথ্য লাভ কৰা বুলিও জানিব পৰা গৈছে ।
উত্থাপিত অভিযোগ অনুসৰি অঞ্চলটোৰ জনৈক চুবেদৰ পৰিয়ালে ছাদ্দাম নামৰ এজনৰ পৰিয়ালৰ মাস্ক পৰিধান নকৰা এজন লোকক দা , লোৰ ৰড, কাঠৰ বাটাম আদিৰে প্ৰথমে আক্ৰমণ কৰে ।
পৰৱৰ্তী সময়ত সিটো পক্ষইও হাতে হাতে অস্ত্ৰ-শস্ত্ৰ লৈ প্ৰত্যাক্ৰমণ কৰে।ফলত এই আক্ৰমণ-প্ৰত্যাক্ৰমণত দুই ফৈদৰে মুঠ ১২ জনকৈ লোক গুৰুতৰ ভাৱে আহত হয় । আহত সকলৰ ভিতৰত দুগৰাকী মহিলাও আছে।
আনহাতে ঘটনা সন্দৰ্ভত ইটাপাৰা আৰক্ষী চকীৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত কোনো লোককে গ্ৰেপ্তাৰ কৰা নাই।













