ষ্টাফ ৰিপ’ৰ্টাৰ,বোকাখাত:
![]()
কাজিৰঙাৰ পথাৰত একাঠু বোকাত নামি আজি ভূঁই ৰুলে বোকাখাত বিধান সভা সমষ্টিৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই৷ উল্লেখ্য যে বোকাখাত মহকুমা কৃষি, উদ্যান শস্য বিভাগ আৰু দিৰিং ডিফলু বহুমুখী কৃষি কল্যাণ সমিতিৰ যুটীয়া উদ্যোগত কাজিৰঙাত অনুষ্ঠিত কৰা হয় “ভূঁই ৰোৱা দিন” শীৰ্ষক এক অনুষ্ঠান৷
এই অনুষ্ঠানতে ভূঁই ৰুই মন্ত্ৰী বৰাই কয় যে কৃষি বিভাগৰ তৰফৰ পৰা যোগান ধৰা “এন পি এইচ ৮৮৯৯” শীৰ্ষক “হাই য়েল্ডিং” বীজৰ কঠীয়া ৰোপণেৰে অঞ্চলটোৰ কৃষকসকল উপকৃত হ’ব৷ তেখেতে লগতে কয় যে অসমৰ কৃষি অৰ্থনীতি টনকিয়াল হ’বলৈ হ’লে বা কৃষি বিভাগৰ পদক্ষেপে সাৰ্থক ৰূপ পাবলৈ হ’লে অসমৰ কৃষকসকলে সমূহীয়া প্ৰচেষ্টাৰে উন্নত বীজেৰে কৃষিকৰ্ম কৰিবই লাগিব৷
তাৰেই প্ৰয়াস হিচাপে আজিৰ এই অনুষ্ঠান বুলিও দোহাৰে মন্ত্ৰীগৰাকীয়ে৷ তেখেতে লগতে কয় যে কৃষকৰ উৎপাদিত সামগ্ৰী ইতিমধ্যে চৰকাৰে ক্ৰয় কৰি ৰপ্তানি কৰাৰ ব্যৱস্থা কৰিছে৷ আনহাতে, শেহতীয়াকৈ বোকাখাতৰ কৃষকৰ পৰা অতুল বৰাৰ নিৰ্দেশত শৰ্মা উপাধিৰ গুৱাহাটীৰ এগৰাকী বাসিন্দাই ৰঙালাউ ক্ৰয় কৰাৰ দুমাহৰ পাছতো কৃষকে বিক্ৰী কৰা সামগ্ৰীৰ মূল্য নোপোৱা সন্দৰ্ভত মন্ত্ৰী বৰাক সাংবাদিকে প্ৰশ্ন কৰোঁতে অহা দুদিনৰ ভিতৰত কৃষকৰ সমুদায় ধন আদায় দিয়া হ’ব বুলি স্পষ্ট কৰে৷
আকৌ, আছুৱে ৰাজনৈতিক দল খোলাৰ সন্দৰ্ভত মত ব্যক্ত কৰি মন্ত্ৰী বৰাই আছুক নতুন দলৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে৷ অনুষ্ঠানত বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম, গোলাঘাট জিলা বিজেপিৰ সভাপতি দেৱপ্ৰদীপ বৰা, মহকুমা কৃষি বিষয়া, আৰু বিভাগীয় বিষয়াসকল উপস্থিত থাকে।













