![]()
অজন্তা তালুকদাৰ, বোকাখাত:
অধিক শোচনীয় এতিয়া বোকাখাতৰ বান পৰিস্থিতি। কভিড ১৯ ৰ সমান্তৰাল ভাৱে অহা জলপ্ৰলয়ে তচনচ কৰিছে সাধাৰণ জন-জীৱন৷ বোকাখাতৰ ইতিহাস প্ৰসিদ্ধ বানে গৰকা মৰিয়াহোলা এইবাৰো বানৰ দুৰ্বাৰ কবলত।
মৰিয়াহোলাৰ পৰা কাজিৰঙা ৰিজাৰ্ভ ফৰেষ্ট সংযোগী এচিয়ান ডেভলেপমেন্ট বেংকৰ ২০০ কোটি টকা অৰ্থ সাহাৰ্য্যৰে সৱলীকৰণ আৰু শ্লুইচ গেট নিৰ্মাণ কৰা মথাউৰীৰ ওপৰেৰে পানী বাগৰি মূহুত্বতে বুৰাই পেলাইছে ইখনৰ পাছত সিখন গাঁও ৷ বোকাখাত মহকুমা প্ৰশাসনে মথাউৰীত থকা ১নম্বৰ শ্লুইচ গেটখন পুৱা খুলি দিছে যদিও মথাউৰীটোৰ ২ আৰু ৩ নম্বৰ শ্লুইচ গেট পানীয়ে উটুৱাই নিছে ৷
৩ খন শ্লুইছ গেট স্থাপন কৰা ঠাইৰ ওপৰেৰে পানী বাগৰি চপৰা চপৰে খহাই নিছে সৱলীকৰণ কৰা মথাউৰীৰ অংশ ৷ ১ নম্বৰ শ্লুইছ গেটখনো যিকোনো মূহুত্বতে উটুৱাই নিয়াৰ আশংকা আছে ৷স্থানীয় লোকে শ্লুইছ গেট নিৰ্মাণত আসোঁৱাহ থকাৰ গুৰুত্বৰ অভিযোগ কৰি গেট কেইখন প্ৰায় ৬ ফুট ওপৰত নিৰ্মাণ কৰাৰ বাবেই এনে হোৱাৰ অভিযোগ কৰিছে ৷
ইতিমধ্যে মহকুমাটোৰ ৭০ খনৰো অধিক গাঁও দেওবাৰে পুৱা প্ৰায় ৩ ঘন্টাৰ ভিতৰত বাঢ়নী পানীয়ে প্লাৱিত কৰাত জলবন্দী হৈ আছে বহু লোক ৷ইফালে মথাউৰি আৰু ৩৭ নং ৰাষ্ট্ৰীপথৰ মাজৰ দ অঞ্চলৰ কাজিৰঙাৰ পৰা কুৰুৱাবাহীলৈকে কমেও ৩০ খন গাঁও আজি নিশাৰ ভিতৰত ডুব যোৱাৰ আশংকা কৰা হৈছে৷
প্ৰশাসনে বানাক্ৰান্তক উদ্ধাৰৰ বাবে এছ,ডি,আৰ,এফ, নিয়োগ কৰিছে যদিও পৰ্যাপ্ত নাঁৱৰ অভাৱ হৈছে ৷ মৰিয়াহোলাতো চেক বান্ধৰ ওপৰেৰে পানী বাগৰাত জলবন্দী হৈ পৰিছে বহু লোক ৷ যাৰ বাবে সমগ্ৰ কুৰুৱাবাহী পঞ্চায়ত বানত বুৰ যোৱাৰ আশংকা আহি পৰিছে ৷
নিজৰ জীৱনটো হাতৰ মুঠিত লৈ বন্যাত্বই ওখ ঠাইলৈ ঢাপলি মেলাত মহকুমা প্ৰশাসনে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষৰ শিক্ষানুস্থান সমুহ বন্যাৰ্তৰ বাবে খুলি দিয়াৰ নিৰ্দেশ দিছে ৷ বানৰ ভয়াবহতাৰ বাবে বোকাখাত মহকুমা প্ৰশাসনে সকলোৱে বান সম্পৰ্কীয় সকলো যোগাযোগ কৰিব পৰাকৈ ৯৭০৭৪১৪০৫৫ নম্বৰৰ এটি হেল্প লাইন নম্বৰ মুকলি কৰিছে ৷













