![]()
জিতেন বৰকটকী,নগাঁও:
বিশিষ্ট শিক্ষাবিদ নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্রাপ্ত অধ্যক্ষ আব্দুল হেকিম(৮৫)ৰ আজি পুৱতি নিশা দেহাৱসান ঘটে । বাৰ্ধক্য জনিত ৰোগত আক্রান্ত শিক্ষাবিদ গৰাকীক নগাঁও চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

১৯৩৭ চনৰ ১ জানুৱাৰীত মৰিগাঁৱত জন্ম গ্ৰহণ কৰা আব্দুল হেকিমে উদ্ভিদ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ পিচত ১৯৬৩ চনত নগাঁও মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰে । নগাঁও মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপকৰ দায়িত্বত কিছু বছৰ নিয়োজিত হৈ থকাৰ পিছত উক্ত মহাবিদ্যালয়ৰ উপাধ্যক্ষ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰাৰ অন্তত ১৯৯৭ চনৰ ৩১ ডিচেম্বৰত নগাঁও মহাবিদ্যালয়ৰ ভাৰপ্রাপ্ত অধ্যক্ষৰ পদত অৱসৰ গ্রহণ কৰে।
নগাঁও মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগক উজ্বলাই তোলাত অনবদ্য অৱদান আগবঢ়োৱা আব্দুল হেকিমৰ সৰল ব্যক্তিত্বই সকলোকে মুগ্ধ কৰিছিল । শিক্ষাবিদ গৰাকীৰ মৃত্যুত নগাঁও মহাবিদ্যালয়ৰ লগতে নগাঁও চহৰত শোকৰ ছাঁ পৰে ।
আজি পুৱা প্ৰয়াত শিক্ষাবিদ গৰাকীৰ নগাঁও চহৰৰ বাসগৃহত উপস্থিত হৈ নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীৰ লগতে মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীয়ে আব্দুল হেকিমৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।
আনহাতে হেকিমৰ মৃত্যুত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱা,ডা: দুৰ্লভ চমুৱা আদিয়ে শোক প্ৰকাশ কৰে ।
নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্রাপ্ত অধ্যক্ষ গৰাকীৰ মৃত্যুত নগাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভা,প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনকে ধৰি ভালেসংখ্যক অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে । মৃত্যুৰ সময়ত আব্দুল হেকিমে এজন পুত্ৰ আৰু এগৰাকী কন্যাসহ ভালেসংখ্যক আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায় ।













