![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
জামিন লাভ কৰা পাছতো মুকলি আকাশৰ তললৈ আহিব পৰা নাই কাৰাৰুদ্ধ ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰ।১৩/১৯ নম্বৰৰ চান্দমাৰী থানা নিয়া’ৰ গোচৰত নিয়া আদালতে জামিন মঞ্জুৰ কৰিছিল ছাত্ৰ নেতা গৰাকীক।বিগত সাত মাহ ধৰি বন্দী হৈ থকা ছাত্ৰ মুক্তি নেতা গৰাকীৰ জামিন মঞ্জুৰ কৰা পাছতে আদালতৰ অনুমতি লৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্তি কৰি অনাৰ বাবে অধিবক্তাসহ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সদস্য সকলগৈছিল ।কিন্তু শেহতীয়াকৈ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰ কণ্ট্ৰেমেণ্ট জন হৈ থকা বাবে কাৰাগাৰ কর্তৃপক্ষই ছাত্ৰ মুক্তি বন্দী নেতাগৰাকীক মুকলি কৰি নিদিলে।
আনহাতে অন্য কোনো গোচৰ ছাত্ৰ নেতা গৰাকী বিৰুদ্ধে নথকাৰ পাছতো মুকলি কৰি নিদিয়াৰ বাবে মানস কোঁৱৰে কাৰাগাৰৰ ভিতৰতে আৰম্ভ কৰিছে অনশন কাৰ্যসূচী।এই কথা জনালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক বিশেষ সূত্ৰই।
আনহাতে আদালতৰ নির্দেশৰ পাছতো সতীৰ্থ সংগ্রামী নেতা গৰাকীক মুকলি কৰি নিদিয়াক ক্ষোভ ব্যক্ত কৰিছে ছাত্ৰ মুক্তি সদস্য সকলে।চৰকাৰৰ ওপৰত সন্দেহ ব্যক্ত কৰি তেওঁলোকে কয় “মানস কোঁৱৰৰ ওপৰত অন্যায় কৰিছে।জামিন লাভ কৰা পাছতো কণ্ট্ৰেমেণ্ট জনৰ কথা কৈ কাৰাগাৰ কর্তৃপক্ষই মুকলি কৰি নিদিয়াতো দুৰ্ভাগ্যজনক।সন্দেহ হৈয়ে তেওঁ বিৰুদ্ধে অন্য গোচৰ ৰুজু কৰাৰ চৰকাৰে অভিসন্ধি ৰচনা কৰিছে”।













