![]()
নিউজ ডেক্স:
আজি মৰিগাঁও জিলাৰ ষষ্ঠদশ অসম আৰক্ষী বাহিনীৰ চাউনীৰ ভিতৰতে অধিনায়ক অৰ্ণব ডেকাৰ উদ্যোগত নিৰ্মাণ কৰা ১০ খন বিছনাযুক্ত ক’ভিড ১৯ চিকিৎসালয় খন আনুষ্ঠানিক ভাৱে মুকলি কৰে অসম আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে৷ ৰাজ্যত ক’ভিড -১৯ ৰ ভয়বহতাৰ সৃষ্টি হৈ থকা মাজতে সকলো আৰক্ষীকে সজাগ আৰু সচেতন হবলৈ আহ্বান জনাই অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷
লগতে তেওঁ কয় যে অসম আৰক্ষীয়ে দ্বিতীয় জন হৰেশ্বৰ নাথক হেৰুৱাব নিবিচাৰে ৷সেয়ে সকলো সময়তে যাতে সজাগ হৈ কৰ্ম সম্পাদন কৰে তাৰ বাবে আহ্বান জনাই ৷আনহাতে ষষ্ঠদশ অসম আৰক্ষী বাহিনীৰ অধিনায়কৰ এই সুন্দৰ প্ৰদক্ষেপক আদৰনী জনাই সঞ্চালক প্ৰধান গৰাকীয়ে ৷
আজি এই চিকিৎসালয় খন মুকলি অনুষ্ঠানত উপস্থিত থাকে ডি আই জি ব্ৰজেন জিৎ সিনহা, মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰা , মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক নন্দ সিং বৰক’লা আৰু নগাঁও জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ ।
এই উদ্বোধনী অনুষ্ঠানতে এই কভিড চিকিৎসালয় খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ষষ্ঠদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক অৰ্ণৱ ডেকাক ৭৫ হাজাৰ টকাৰ নগদ ধন আগবঢ়াই ৷













