![]()
অজন্তা তালুকদাৰ, বোকাখাত:
ব্ৰহ্মপুত্ৰ আৰু ধনশিৰিৰ ক্ৰম বৰ্দ্ধিত জলপৃষ্ঠই সৃষ্টি কৰা শেহতীয়া বানত বিস্তৰ ক্ষতি সাধন হৈছে সমগ্ৰ বোকাখাত মহকুমাৰ বিস্তীৰ্ণ অঞ্চলৰ মানুহ, কৃষিখণ্ডৰ লগতে পশুধনৰ। নষ্ট হৈছে জীৱন আৰু সম্পত্তি।
যোৱা ১৩ জুলাইত পানীত পৰি মৃত্যু হ’ল বোকাখাত মহকুমাৰ দুসুঁতিমুখ পঞ্চায়তৰ পাঠৰী কাঞ্চাচাপৰি গাঁৱৰ সুনীল মিলি নামৰ যুৱকজনৰ। জানিব পৰা মতে বানপানীত গাঁওখন প্লাৱিত হোৱাত পৰিয়ালৰে সৈতে আন ঠাইত আশ্ৰয় লৈছিল সুনীল। পানী বাঢ়ি থকাৰ বাবে এজন সতীৰ্থৰ লগত নাৱেৰে পানীত বুৰি যোৱা নিজৰ বাসগৃহ চাবলৈ যাওঁতে পানীৰ সোঁতত আৱদ্ধ হৈ সুনীল ঘটনাক্ৰমে নাঁৱৰ পৰা পানীত পৰি গৈ পানীৰ পৰা উঠিব নোৱাৰা হয়৷
সতীৰ্থ জনে কথমপি নিজৰ প্ৰাণৰক্ষা কৰে যদিও পানীৰ সোঁতে উটুৱাই নিয়ে সুনীলক আৰু তেওঁৰ মৃত্যু ঘটে। পাছত স্থানীয় লোকে সুনীলৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কৃষক হৰকান্ত মিলি আৰু পেটুলী মিলিৰ পুত্ৰ সুনীল মিলি দেৰগাঁওৰ কমল দুৱৰা মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ আছিল।
আনহাতে ঘটনাস্থলীত উপস্থিত হৈ জীপাল কৃষক শ্ৰমিক সংঘৰ প্ৰতিনিধিৰ এটা দলে সুনীল মিলিৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। মৃত সুনীল মিলিৰ পৰিয়ালক প্ৰধান মন্ত্ৰী সাহায্য নিধিৰ অধীনত দুই লাখ টকাৰ সাহায্য ষোল্ল দিনৰ ভিতৰত পৰিয়ালটোক প্ৰদান কৰাৰ লগতে দহ লাখ টকাৰ এককালীন সাহায্যও অতি সোনকালে পৰিয়ালটোক প্ৰদান কৰিবৰ বাবে জীপালৰ সম্পাদক প্ৰবীণ পেগু আৰু জিলা সমন্বয়ক মণিকংকনা বৰবৰাই দাবী জনাইছে।
লগতে সুনীল মিলিৰ মৰণোত্তৰ পৰীক্ষাৰ সকলো ব্যয় গোলাঘাট জিলা প্ৰশাসনক বহন কৰাৰ দাবী জনোৱাৰ লগতে চাৰি লাখ টকাৰ সাহায্য এসপ্তাহৰ ভিতৰতে মৃতকৰ পৰিয়ালটিলৈ প্ৰদান কৰিবলৈও দাবী জনায়। উদীয়মান যুৱক সুনীল মিলিৰ এনে অকাল মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।













