![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অৱশেষত মুকলি আকাশৰ তললৈ আহিল কাৰাৰুদ্ধ ছাত্ৰ মুক্তি নেতা মানস কোঁৱৰ।বিগত ৬মাহ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা ছাত্ৰ নেতা গৰাকীক সোমবাৰে জামিন মঞ্জুৰ কৰিছিল নিয়া আদালতে।
কাৰাগাৰৰ বন্ধ কোঠৰী পৰা মুক্ত হৈ ছাত্ৰ মুক্তি নেতা গৰাকীয়ে ধন্যবাদ জনাই অসমবাসীক।মুকলি আকাশৰ তললৈ ওলাইয়ে মানসে হুংকাৰ প্ৰদান কি কয়-এতিয়াৰে পৰা যুদ্ধ হ’ব বিজেপি-আৰএছএছক উৎসাত কৰা। কা’ আন্দোলন নতুনকৈ আৰম্ভ হব, যেতিয়ালৈকে বাতিল নহব আন্দোনৰ চলি থাকিব”।
গণতন্ত্ৰৰ আৰু ভাৰতীয় সংবিধানক বিশ্বাস কৰা কোনো মানুহে কা’ মানি নলয়।সাম্প্ৰদায়িক ফেচিবাদৰ বিৰুদ্ধে এই মুহূৰ্ত পৰা হব যুদ্ধ- কোঁৱৰে কয়।বিজেপি-আৰএছএছক অসম।তথা ভাৰতৰ ভূমি পৰা খেদিব নোৱাৰালৈকে যুদ্ধ চলি থাকিব ছাত্ৰ নেতা গৰাকীয়ে কয়।
আদালতৰ নির্দেশ আৰু তিনিবাৰকৈ ক’ৰোনা ফলাফল নেগেটিভ অহা পাছতো মুকলি কৰি নিদিয়া কাৰ্যই প্ৰমাণ কৰিছে দেশত গণতন্ত্ৰৰ নাই।কথা কোৱা, চিন্তা কৰা আৰু সমালোচনা কৰা অধিকাৰ এতিয়া দেশত নাই।দেশত এতিয়া ফেচিবাদ চলি আছে-কোঁৱৰে কয়।
দেশত সাম্প্ৰদায়িক ফেচিবাদে চূড়ান্ত ৰূপ পাইছে।নিয়া’ৰ দৰে এটা এজেঞ্চিত এতিয়া আৰএছএছৰ মানুহ বহুৱাই দিয়া বুলি গুৰুত্বৰ অভিযোগ তোলে মুকলি আকাশৰ তললৈ অহা ছাত্ৰ নেতা গৰাকীয়ে।
উল্লেখ যে কা’ আন্দোলনৰ সময়ত ১৩/১৯নম্বৰৰ চান্দমাৰী থানা গোচৰত গ্ৰেপ্তাৰ হৈ নিয়া হাতত বন্দী হৈ আছিল ছাত্ৰ মুক্তি কাৰ্যকৰী সভাপতি গৰাকী।













