![]()
ডিব্ৰুগড়: সাংবাদিক ডেভিদ বুঢ়াগোঁহাই কালি নিশা সংঘটিত এক পথ দুৰ্ঘটনাত গুৰুতৰভাবে আহত হৈ বৰ্তমানে সংকটজনক অবস্থাত আইচিইউত চিকিৎসাধীন হৈ আছে।

জানিব পৰা মতে সাংবাদিক গৰাকীয়ে কাৰ্য সমাপন কৰি নিজ গৃহ নতুন নিৰ্মালী গাঁওলৈ আহি থকা অৱস্থাত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত থকা এটা স্পীড ব্ৰেকাৰ অতিক্ৰম কৰিয়েই এখন গাড়ীক বাট এৰি দিবলৈ গৈ নিয়ন্ত্ৰন হেৰুৱাই এজোপা গছত খুন্দা মাৰি বুলেটসহ বাগৰি পৰে।
পিছত ততালিকে সংকটকজনক অবস্থাত সাংবাদিক গৰাকীক চহৰখনৰ সঞ্জীৱনী নাচিং হোমত ভৰ্তি কৰোৱা হয়।কিছুদিনৰ পূৰ্বে নিউজ লাইভ চেনেলৰ পৰা অব্যাহতি লৈ ডেভিদ বুঢ়াগোঁহায়ে নতুনকৈ গঠন কৰা এনডি-২৪ নামৰ ৱেব পৰ্টেলত যোগদান কৰিছিল।বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব,ইলেক্ট্ৰনিক মিডিয়া ফৰাম,তথা বিভিন্ন দল-সংগঠনে যুৱ সাংবাদিক ডেভিদৰ শীঘ্ৰে আশু আৰোগ্য কামনা কৰিছে।













