![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,বোকাখাত:
ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নদীৰ বাঢ়নী পানীয়ে ভয়ানক ৰূপ ধাৰণ কৰিছে বোকাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত নৈ পৰীয়া অঞ্চল সমূহত। এতিয়াও জলমগ্ন বোকাখাতৰ ভিতৰুৱা গাওঁ সমূহৰ পথাৰ, গাওঁ আৰু ৰাস্তা পথ। কালি বোকাখাতত ৰাষ্ট্ৰীয় ঘাইপথৰ বহু ঠাই বাঢ়নী পানীৰ কবলত পৰাৰ বাবে মহকুমা প্ৰশাসনে যানবাহন চলাচল বন্ধ কৰিছিল যদিও আজি মুকলি কৰি দিছে। বৰ্তমান বোকাখাত ৰাজহ চক্ৰৰ অধিনৰ ৬৩ খন গাওঁ অধিক ক্ষতিগ্ৰস্ত হৈছে। তথ্য অনুসৰি মহুৰা মৌজা, বোকাখাত মৌজা আৰু কাজিৰঙা মৌজাৰ অন্তৰ্গত মহকুমাটোৰ মুঠ ৬৩ খন গাঁৱৰ বান প্ৰভাৱিত জনসংখা প্ৰায় ৮০৪০০ জন আৰু এই ক্ষেত্ৰত সমীক্ষা চলাই থকা হৈছে আৰু পৰবৰ্তী প্ৰতিবেদনত এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
মুঠ মাটি কালিৰ প্ৰায় ১৬১৬ হেক্টৰ কৃষি এলেকা ক্ষতিগ্ৰস্ত হৈছে। আজি পৰ্যন্ত বিতৰণ কৰা বান সাহাৰ্য্যৰ ভিতৰত ১৫২৮.৮৩৬ কুইন্টল চাউল, ২৮০.৫১ কুইন্টল দাইল, ৮৪.১৫৩ কুইন্টল নিমখ,৮৪১৫.৩লিটাৰ মিঠাতেল ৮৩ কি.গ্ৰাম চেনি, ৪ কুইন্টল ৫০ কেজি চিৰা,১৬৬ পেকেট শিশু খাদ্য ৩২০ কুইন্টল পশুখাদ্য, ১২৫ পেকেট মমবাতি, ৫০পেকেট জুইশলা বাকচ, ৯০পেকেট মহ খেদোৱা ধূপ আদি। বানাক্ৰান্ত এলেকাত নতুনকৈ ১৪ টা হেণ্ড টিউবৱেল স্থাপন কৰাৰ লগতে ১৬ টা হেণ্ড টিউবৱেল মেৰামতি কৰা হয়।
১৭ টা আশ্ৰয় শিবিৰ চেনিটাইজ কৰাৰ উপৰিও ৫০ টা কেমিকেলৰ পেকেট, ৫০০ টা ব্লিচিং পাউদাৰৰ পেকেট, ৬০০০ টা হেলজেন টেবলেট আৰু কহঁৰা এলেকাত ২০০০ লিটাৰ খোৱাপানী যোগান ধৰা হয়। ২নং হাতীখুলি নিম্ন প্ৰাথমিক বানপানী সাহায্য শিবিৰটো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা চেনিটাইজ কৰা হয় আৰু ৫০০ টা হেলজেন টেবলেট বিতৰণ কৰা হয়। শিলডুবি এম. ই. বান সাহায্য শিবিৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা চেনিটাইজ কৰাৰ লগতে ১০০০ টা হেলজেন টেবলেট বিতৰণ কৰা হয়।
হাতীখুলি দাঁতিকাষৰীয়া বান সাহাৰ্য শিবিৰত ৫০০টা হেলজেন টেবলেট জনস্বাস্থ্য কাৰিকৰী বিভাগে বিতৰণ কৰে। ৰাইজিং চান ইংলিচ স্কুল বান সাহাৰ্য শিবিৰ চেনিটাইজ কৰাৰ লগতে ৫০০টা হেলজেন টেবলেট আৰু ৫০টা ব্লিচিং পাউদাৰৰ পেকেট বিতৰণ কৰা হয়। নিকৰি বানাক্ৰান্ত এলেকাত খোৱা পানীৰ যোগান ধৰা হয় |
বৰ্তমানলৈকে বান সাহাৰ্য বিতৰণ শিবিৰ ৬০ টা , আশ্ৰয় শিবিৰ ১৬ টা স্থাপন কৰা হৈছে। এই আশ্ৰয় শিবিৰত থকা লোকৰ সংখ্যা ২২৩০ জন।ৰাজ্যিক দুৰ্যোগ সঁহাৰি বল আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বলৰ ৪ টা দলৰ সহায়ত মুঠ ২৮৩ জন লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। অদ্যপি দুৰ্ভাগ্যজনক ভাৱে কান্দুলিমাৰী গাঁৱৰ মহেন্দ্ৰ খেৰীয়াৰ ২২ বছৰীয়া পুত্ৰ বাবু খেৰীয়া বানপানীত উটি যায় আৰু পিচত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ৮ চিকিৎসা শিবিৰ স্থাপন কৰাৰ লগতে ৪ টা পশু চিকিৎসা শিবিৰো স্থাপন কৰা হৈছে।













